![]()
আশা কৰা মতে আঘাতৰ পৰা সুস্থ হৈ দললৈ ঘূৰি আহিল যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল। কিন্তু ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে মহম্মদ ছামিক দলত ৰখাৰ পৰা আঁতৰত থাকিল। টি-২০ বিশ্বকাপৰ বাবে তেওঁক ষ্টেণ্ডবাইত ৰখা হৈছে। সোমবাৰে বিচিচিআইয়ে ঘোষণা কৰে টি-২০ বিশ্বকাপ দল। এছিয়া কাপৰ দলটোৰ প্ৰায়খিনি খেলুৱৈ আছে বিশ্বকাপ স্কোৱাডত। অৱশ্যে আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছে ৰবীন্দ্ৰ জাডেজা।
তেওঁৰ ঠাইত অক্ষৰ পেটেলক অন্তৰ্ভুক্ত কৰা হয়। তেওঁ এছিয়া কাপত জাডেজা আঘাতপ্ৰাপ্ত হোৱাৰ পিছত দলত সোমাইছিল। আনহাতে, ৰবি বিষ্ণয় আৰু আবেশ খানক বাদ দিয়া হৈছে। এই দুগৰাকীৰ ঠাইত বুমৰাহ আৰু হৰ্ষলে স্থান লাভ কৰিছে। আনহাতে, লোকেশ ৰাহুল হʼব ৰোহিতৰ সহকাৰী। দলটোত থকা তিনিগৰাকী স্পিনাৰ হৈছে অশ্বিন, চাহল আৰু অক্ষৰ। চাৰিজন পেচাৰ আৰু অলৰাউণ্ডাৰ হাৰ্দিক আছে।

সম্পূৰ্ণ দলটো হৈছে-
ৰোহিত শৰ্মা (অধিনায়ক), লোকেশ ৰাহুল (সহ অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুদা, ঋষভ পন্ত, দীনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, যজুবেন্দ্ৰ চাহল, আক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, আৰ্শদীপ সিং। ষ্টেণ্ডবাইত আছে মহম্মদ ছামি, শ্ৰেয়াস আয়াৰ, ৰবি বিষ্ণই, দীপক চাহাৰ। ইফালে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাৰ বাবে দলত আছে ছামি আৰু দীপক চাহাৰ। বিশ্বকাপৰ কথা মনত ৰাখি এই শৃংখলাৰ বাবে ভুৱনেশ্বৰ কুমাৰক জিৰণি দিয়া হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাৰ বাবেও ১৫ জনীয়া দলটোত আছে ছামি। দক্ষিণ আফ্ৰিকাৰ ছিৰিজৰ বাবে বিশ্ৰাম ল’ব ভুৱনেশ্বৰ কুমাৰে।













