ASSAM TIMES POST
ডিফুঃ পুনৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলক লৈ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু৷ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো আছুৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আৰু আছুৰ কাৰ্বি আংলঙ জিলা সমিতিৰ উদ্যোগত ডিফুৰ ছেমছনছিং মেম’ৰিয়েল পাৰ্কৰ সম্মূখত আছুৰ সদস্য সকলে দিনজোৰা কাৰ্যসূচীলৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷
প্ৰতিবাদ কাৰী সকলে নাগৰিকত্ব সংশোধনী বিল২০১৬ বাতিল কৰক, বিজেপি হায় হায়, অসম চৰকাৰ হায় হায়, ধৰ্মৰ নামত ৰাজনিতী বন্ধ কৰক ৷ জাগিলে আমি বাচিব অসম, নহলে হ’ব বাংলাদেশ, আছু জিন্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া আৰু কাবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক সৰ্জোন হাঞ্চেই সাংবাদিকক সম্বোধন কৰি যে কেন্দ্ৰীয় চৰকাৰে আগন্তুক শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনত পৰিণত কৰিবলৈ উঠি পৰি লাগিছে৷
লগতে চৰকাৰে প্ৰতিটো ৰাজ্যৰ পৰা সমৰ্থন বুটলি ফুৰিছে৷ এই বিধেয়ক গৃহিত হলে জাতিৰ ধ্বংস নিশ্চিত সেয়ে সদৌ অসম ছাত্ৰ সন্থাই কোনো পধ্যেই এই বিধেয়ক মানি নলয়৷ এইলৈ আছুয়ে বিভিন্ন গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷ আজিৰ বিক্ষোভ কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় নেতা বেদান্ত শইকীয়াৰ উপৰি কাৰ্বি আংলঙৰ সাধাৰণ সম্পাদক সৰ্জোন হাঞ্চে, উপসভাপতি শ্যামন্ত গগৈ আৰু সহকাৰী সাধাৰণ সম্পাদক অৰ্ণৱ কাকতিয়ে অংশ গ্ৰহণ কৰে৷