![]()
অৱশেষত অভিশাপৰ পৰা মুক্ত হʼল। অনুৰাগীসকলে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিল। তেওঁলোকৰ প্ৰিয় ক্ৰিকেটাৰগৰাকী ঘূৰি অহাই নহয় পুনৰ জন্ম লাভ কৰিলে। চকু কপালত উঠা এটা শতৰাণ। আমি এই বিৰাট কোহলিকেই দেখাত অভ্যস্ত। যোৱা ডেৰ-দুবছৰত ভাৰতে কেইবাখনো মেচ খেলিছে।
ৰোহিত, ৰাহুল, ধাৱন, ঋষভৰ কিছুমান ডাঙৰ ইনিংছ আমি দেখিবলৈ পাইছো। কিন্তু ক’ৰবাত যেন কিবা এটা অভাৱ আছিল। আজি পূৰ্ণ হʼল। বিৰাটৰ অনুৰাগী, আনকি যিবিলাক তেওঁৰ অনুৰাগী নহয় সেইসকলেও এতিয়া কোহলীক প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে।
পুনৰ নিজৰ ফৰ্মলৈ উভতি অহাৰ পিছত বিৰাটে কয়, “বৰ ভাল লাগিছে। মই আপ্লুত হৈ পৰিছো ডেৰ-দুবছৰত বহুত শিকিছো। নৱেম্বৰ মাহত হʼব ৩৪ বছৰ। মই আৰু এনে উৎসাহ দেখুৱাব নোৱাৰো। অৱশ্যে মোৰ এই শতৰাণত মই নিজেও অলপ আচৰিত হৈছো। মই কেতিয়াও ভবা নাছিলো যে মই টি-২০ত এশ কৰিব পাৰিম। ঈশ্বৰৰ আশীৰ্বাদৰ বাবে সম্ভৱ। কেৱল মই নহয়, গোটেই দলটো আৱেগিক হৈ পৰিছে।”
তেওঁ নিজৰ প্ৰত্যাৱৰ্তনৰ বেছিভাগ শ্ৰেয় দিয়ে পত্নী অনুষ্কাক। বেয়া সময়ত তেওঁ অহৰহ প্ৰেৰণা দি আহিছে। কোহলীয়ে শতৰাণ কৰাৰ লগে লগেই ডিঙিৰ হাৰ আৰু লকেট চুমা খাই থকা দেখা গৈছিল তেওঁক। কিন্তু বিৰাটৰ কথাত প্ৰকাশ পালে যে এয়া লকেট নহয়, বৰং বিয়াৰ আঙঠিহে।
বিৰাটে কয়, “শতৰাণৰ পিছত আঙঠিটোত চুমা খালোঁ৷ মোৰ কামবেকত মোৰ পত্নী অনুষ্কাই সৰ্বাধিক অৰিহণা যোগাইছে। তেওঁ সদায় মোৰ কাষতে থিয় হৈ আছিল। সেয়ে প্ৰথমে এই এশটো তেখেতলৈ আৰু আমাৰ কন্যা ভামিকালৈ উৎসৰ্গা কৰিছোঁ। জীৱনৰ বেয়া সময়ত কাৰোবাৰ লগত কথা পাতিলে কামবোৰ বহুত সহজ হৈ পৰে। অনুষ্কাই মোৰ ক্ষেত্ৰত তেনেকুৱা কৰিলে। ক্ৰিকেটৰ পৰা আঁতৰত থাকি বহুত শিকিলো।” বহুদিনলৈ শতক নোপোৱা বুলি সমৰ্থকৰ দাবী তেওঁৰ মনত নাছিল। বিৰতি লোৱাৰ ফলত শাৰীৰিক আৰু মানসিক ক্লান্তি দূৰ হয়। কোহলি ঘূৰি আহিছে সতেজ হৈ। বিৰাটৰ বাবে যেন ছদ্মবেশত আশীৰ্বাদ হৈ পৰিছে এই বিৰতি।













