ASSAM TIMES POST
ডিফুঃ সোমবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু হৰেণছিং বে’ই কেইবাটাওঁ আঁচনি শুভ উদ্ধোধন কৰে৷ ৰংহাঙে টীম কাৰ্বি আংলঙক লগতলৈ ক্ৰমে ডিফু-লামডিং পথৰ ১১ কিল’ত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ পৰিবহন বিভাগৰ ড’নাৰ মন্ত্ৰানালয়ৰ এনএলচিপিআৰ আঁচনিৰ জৰিয়তে ১ কোটি ৫ লাখ ৪১ হাজাৰ টকা ব্যয় সাপেক্ষ এখন ৱৰ্কশ্বপ লগতে ডিফুত একে আঁচনিৰ অধীনত পৰিবহন বিভাগৰ প্ৰশাসনিক বিল্ডিং উদ্ধোধন কৰাৰ লগতে দুখন বাছৰো ফ্লেগ অফ কৰে তুলিৰাম ৰংহাঙে ৷
বাছ দুখন ক্ৰমে নিলীপ পৰিষদীয় সমষ্টিৰ বাবে ডিফুৰ ৰংমংবে’ আৰু দ্বিতীয়টো দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ বাবে ভকচঙ হৈ ৰাজাগাঁৱৰ পৰা গুৱাহাটীলৈ যাতায়ত কৰিব ৷ ৱৰ্কশ্বপ আৰু প্ৰশাসনিক বিল্ডিঙখন আৰু বাছ দুখনে ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰিবলৈ সক্ষম হব বুলি মুথ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মন্তব্য কৰে ৷