![]()
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ধোনীৰ পিছতে সন্ন্যাস লৈছিল। অৱশ্যে খেলি আছিল আই পি এল। কিন্তু যোৱা বছৰৰ নিলামত তেওঁক কোনো এটা দলেই ক্ৰয় নকৰে। সেয়ে এইবাৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত ল’লে এসময়ৰ ভাৰতীয় দলৰ মিডল অৰ্ডাৰৰ নিৰ্ভৰযোগ্য বেটছমেনগৰাকীয়ে।
উল্লেখ্য, আই পি এলৰ সময়ত তেওঁ এইবাৰ গুজৰাট ফ্ৰেঞ্চাইজিত যোগদান কৰাৰ কথা চৰ্চা হৈছিল যদিও শেষত সেয়া নহʼল। গতিকে এইবাৰ মিষ্টাৰ আই পি এলে যোৱাৰ সিদ্ধান্ত লʼলে। ৰাইনাই অৱসৰৰ কথা ঘোষণা কৰি কয়, “দেশ আৰু মোৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাটো গৌৰৱৰ কথা। সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা।” অৱশ্যে ১০ ছেপ্টেম্বৰৰ পৰা ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজত অংশগ্ৰহণ কৰিব ৰাইনা।

এই প্ৰসংগত ৰাইনাই কয়, “মই ৰোড ছেফটি ছিৰিজত খেলিম। দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ইউ এ ইৰ লীগত খেলিবলৈ মোৰ সৈতে যোগাযোগ কৰা হৈছে। কিন্তু মই এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই।” উল্লেখযোগ্য যে ২০২০ চনৰ ১৫ আগষ্টত ৰাইনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।
বাওঁহতীয়া বেটছমেনগৰাকীয়ে ২০১১ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। আই পি এলত চেন্নাই ছুপাৰ কিংছৰ মেৰুদণ্ড আছিল ৰাইনা। একেৰাহে ১২ বছৰ তেওঁ হালধীয়া দলটোৰ সদস্য আছিল। আই পি এলৰ ইতিহাসত তেওঁ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। ২০৫ খন মেচত ৫৫২৮ ৰান সংগ্ৰহ কৰে।













