![]()
গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অহা ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট খেলৰ আয়োজনৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম ক্ৰিকেট সন্থা, লোক নিৰ্মাণ বিভাগ, ক্ৰীড়া বিভাগ, অগ্নি আৰু আপদকালীন সেৱা, শক্তি বিভাগ আদিৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মিলিত হৈ খেলখন যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় সেই সন্দৰ্ভত বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে৷
উল্লেখ্য, শাৰদীয় দুৰ্গাপূজাৰ প্ৰতি লক্ষ্য ৰাখি যান-জঁটৰ সমস্যা যাতে উদ্ভৱ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰা হয়৷ আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথত উৰণ সেতুকে ধৰি বিভিন্ন নিৰ্মাণকাৰ্য সম্প্ৰতি চলি থকাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ আৰু দৰ্শকৰ যাতায়াতত যাতে ব্যাঘাত নজন্মে সেই দিশতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰি বিভাগীয় কৰ্তৃপক্ষসমূহক পৰামৰ্শ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, ষ্টেডিয়ামৰ চৌপাশে যথোচিত পোহৰৰ ব্যৱস্থা, সমগ্ৰ ষ্টেডিয়াম চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে খেল শেষ হোৱাৰ পাছতে চাফাই অভিযান চলাবলৈও জিলা প্ৰশাসন আৰু অন্যান্য বিভাগীয় বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।
আজিৰ বৈঠকত অতিৰিক্ত মুখ্য সচিবদ্বয় মণিন্দৰ সিং, চৈয়দিন আব্বাছী, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা অগ্নি আৰু আপাতকালীন সেৱাৰ সঞ্চালক মুকেশ আগৰৱালা, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজেশ কেমপ্ৰাই আদিকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে৷












