ASSAM TIMES POST
ডিফুঃ আজিৰে পৰা ডিফুত আৰম্ভ হৈছে ১৩ সংখ্যক সদৌ অসম ইউকেএএ কেৰাটে চেম্পিয়ণশ্বিপ-২০১৯ ৷ সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থা তথা কাৰবি আংলং জিলা কাৰাটে সন্থাৰ ব্যৱস্থাপনাত কাছা ইনড’ৰ ষ্টেডিয়ামত ২ নৱেম্বৰ শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হৈছে৷
প্ৰাপ্ত তথ্য অনুসৰি উক্ত প্ৰতিযোগিতাত কেডেট, জুনিয়ৰ, ছাবজুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ৯৫০ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে৷ ৷ কাইলৈ দিনৰ ১১ বজাৰ পৰা চেম্পিয়ণশ্বপটিৰ বঁটা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ চেম্পিয়ণশ্বিপৰ উদ্ধোধনী অনুষ্ঠানত ৰাজ্যিক কাৰাটে সন্থাৰ এগৰাকী সম্পাদকৰ লগতে বিশিষ্ট লোক সকল উপস্থিত থাকিব৷
আনহাতে আজি উদ্ধোধনী অনুষ্ঠানচ জুনিয়ৰ আৰু চাব জুনিয়ৰৰ কাটা ইভেণ্ট আৰম্ভ হয় ৷ আজি অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে, সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক তথা চীফ টেকনিকেল ডাইৰেক্টৰ ৰাম বাহাদুৰ গুৰুঙ, কাৰবি আংলং কেৰাটে সন্থাৰ সভাপতি তথা পৰিষদৰ এমএচি প্ৰভাত চন্দ্ৰ তাৰ’ সাধাৰণ সম্পাদক বিন্দু প’মা উপস্থিত থাকে ৷ বাতৰি লিখা পৰলৈকে চেম্পিয়ণশ্বিপৰ পৰৱৰ্তী ইভেণ্ট সমুহ আৰম্ভ হোৱা নাই ৷