ASSAM TIMES POST
নতুন দিল্লীঃ শনিবাৰে দিল্লীৰ টিছ হাজাৰী আদালতত অধিবক্তা আৰু আৰক্ষীৰ মাজত তয়াময়া ৰণ লগাৰ ঘটনাক লৈ সম্প্ৰতি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ ফলত কেইবাজনো লোক আহত হয়। অধিবক্তাসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ সমান্তৰালভাৱে অধিবক্তাসকলে কেইবাখনো চৰকাৰী বাহনত অগ্নি সংযোগ কৰে। প্ৰাৰম্ভিক তথ্য অনুসৰি, ইয়াত আহত এজনৰ অৱস্থা সংকটজনক।











