নূপুৰ শৰ্মা-নবীন জিন্দালৰ বিতৰ্কিত মন্তব্যৰ অনুকৰণ কৰি গ্ৰেপ্তাৰ হʼল তেলেংগানাৰ বিজেপিৰ বিধায়ক ৰাজা সিং। মঙলবাৰে হায়দৰাবাদ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। হায়দৰাবাদ আৰক্ষীৰ উপায়ুক্ত (দক্ষিণ)ই জনোৱা মতে, ধৰ্মীয় আৱেগক আঘাত কৰাৰ লগতে উচটনিমূলক মন্তব্য কৰি আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ অভিযোগত ৰাজাক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পিছতে বিজেপিয়েও তেওঁক দলৰ পৰা নিলম্বন কৰে।
দেওবাৰে নিশা ৰাজাৰ বিতৰ্কিত মন্তব্যৰ এটা ভিডিঅʼ ভাইৰেল হোৱাৰ পিছতে হায়দৰাবাদ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত উত্তেজনাৰ সৃষ্টি হয়। হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত চি ভি আনন্দৰ কাৰ্যালয়ৰ সন্মুখতো সোমবাৰে ৰাজাক গ্ৰেপ্তাৰৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হায়দৰাবাদৰ সাংসদ তথা সৰ্বভাৰতীয় মজলিছ-এ-ইত্তেহাদুল মুছলমিন (এমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে কয় যে যদি ৰাজাক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে আন্দোলন তীব্ৰতৰ হʼব।
এনে অৱস্থাত মঙলবাৰে পুৱা আৰক্ষীয়ে বিজেপিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (ক), ২৯৫ আৰু ৫০৫ৰ দৰে জামিনহীন ধাৰাত ঘৃণামূলক ভাষণ আৰু হিংসাত্মক কাৰ্যক উচটনি দিয়াৰ অভিযোগত গোচৰ তৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
হায়দৰাবাদৰ গোছামহল সমষ্টিৰ দুবাৰকৈ বিধায়ক হিচাপে কৰ্মৰত ৰাজাৰ বিৰুদ্ধে বিগত সময়ছোৱাত কেইবাবাৰো ঘৃণামূলক ভাষণৰ অভিযোগ উত্থাপন হৈছে।
দুবছৰ পূৰ্বে আমেৰিকাৰ ৱাল ষ্ট্ৰীট জাৰ্নেল কাকতত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে বাৰে বাৰে প্ৰৰোচনামূলক আৰু ঘৃণনীয় পোষ্ট দিয়াৰ পিছতো ফেচবুক কৰ্তৃপক্ষৰ পক্ষপাতমূলক আচৰণৰ বাবেই ৰাজাই সুবিধা লাভ কৰে। ইয়াৰ পিছতে ফেচবুক কৰ্তৃপক্ষই ৰাজাৰ একাউন্ট বন্ধ কৰি দিয়ে ঘৃণা আৰু হিংসাত্মক ঘটনাক উচটনি দিয়াৰ অভিযোগত।