নূপুৰ শৰ্মা-নবীন জিন্দালৰ বিতৰ্কিত মন্তব্যৰ ছাঁ এইবাৰ তেলেংগানাৰ বিজেপিৰ বিধায়ক ৰাজা সিঙৰ ওপৰত। উক্ত ঘটনাৰ বাবে ইতিমধ্যে দক্ষিণ ভাৰতৰ ৰাজ্যখনত আৰম্ভ হৈছে প্ৰতিবাদ। বিজেপিৰ বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ বাবেও দাবী উত্থাপন হৈছে। দেওবাৰে নিশা ৰাজাৰ বিতৰ্কিত মন্তব্যৰ এটা ভিডিঅʼ ভাইৰেল হোৱাৰ পিছতে হায়দৰাবাদ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত উত্তেজনাৰ সৃষ্টি হয়। হায়দৰাবাদ আৰক্ষী আয়ুক্ত চি ভি আনন্দৰ কাৰ্যালয়ৰ সন্মুখতো সোমবাৰে ৰাজাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
এনে অৱস্থাত মঙলবাৰে আৰক্ষীয়ে বিজেপিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (এ), ২৯৫ আৰু ৫০৫ৰ দৰে জামিনহীন ধাৰাত ঘৃণামূলক ভাষণ আৰু হিংসাত্মক কাৰ্যক উচটনি দিয়াৰ অভিযোগত গোচৰ তৰিছে। উল্লেখ্য, শেহতীয়াকৈ অভিনেতা মুনোৱাৰ ফাৰুকীয়ে তেলেংগানাত কেইবাবাৰো ধৰ্মীয় আৱেগক আঘাত দি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিজেপিৰ সূত্ৰ অনুসৰি সেই কাৰণেই ৰাজাই উক্ত মন্তব্য কৰে।
কিন্তু হায়দৰাবাদৰ গোসামহল সমষ্টিৰ দুবাৰকৈ বিধায়ক হিচাপে কৰ্মৰত ৰাজাৰ বিৰুদ্ধে বিগত সময়ছোৱাত কেইবাবাৰো ঘৃণামূলক ভাষণ আৰু হিংসাত্মক কাৰ্যক উচটনি দিয়া ভাষণৰ অভিযোগ উত্থাপন হৈছে। দুবছৰ পূৰ্বে আমেৰিকাৰ ৱাল ষ্ট্ৰীট জাৰ্নেল কাকতত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে বাৰে বাৰে প্ৰৰোচনামূলক আৰু ঘৃণনীয় পোষ্ট দিয়াৰ পিছতো ফেচবুক কৰ্তৃপক্ষৰ পক্ষপাতমূলক আচৰণৰ বাবেই ৰাজাই সাহস পাইছে।
সংগঠনটোৰ ভাৰতীয় শাখাৰ তদানীন্তন জননীতি সঞ্চালক অংকী দাসৰ হস্তক্ষেপৰ কাৰণে বিজেপিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাছিল বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ ইয়াৰ পিছতে ফেচবুক কৰ্তৃপক্ষই ঘৃণা আৰু হিংসাত্মক ঘটনাৰ প্ৰৰোচনা কৰা পোষ্টৰ অভিযোগত ৰজাৰ একাউণ্ট বন্ধ কৰি দিয়ে।