
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত ভাৰতীয় ফুটবল বহুলাংশে চিন্তামুক্ত। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চলোৱাৰ দায়িত্ব প্ৰশাসক সমিতিৰ পৰা কাঢ়ি লৈ ভাৰপ্ৰাপ্ত মহাসচিব সুনন্দ দাহাৰক অৰ্পণ কৰা হৈছে। ২৮ আগষ্টৰ পৰা এসপ্তাহ পলম হʼলেও ফিফাৰ নিৰ্দেশমৰ্মে অনুষ্ঠিত হʼব নিৰ্বাচন।
সূত্ৰ অনুসৰি, যদি সকলো ঠিকে থাকে তেন্তে এই সপ্তাহত ফিফাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ হʼব পাৰে। সেই ক্ষেত্ৰত মোহন বাগানৰ এএফচি কাপত অংশগ্ৰহণ কৰাত কোনো সমস্যা নাই। আন্তঃৰাষ্ট্ৰীয় মেচতো খেলিব পাৰিব ভাৰতীয় জাতীয় দলটোৱে। ১৭ বছৰ অনুৰ্ধৰ বিশ্বকাপ আয়োজন কৰাত কোনো সন্দেহ নাথাকিব।
দেওবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে ১৮ মে’ আৰু ৩ আগষ্টৰ নিৰ্দেশনা পুনৰীক্ষণৰ বাবে এক নতুন আবেদন দাখিল কৰে। কোৱা হৈছে যে ১৭ বছৰ অনুৰ্ধৰ বিশ্বকাপ আয়োজন কৰাৰ লগতে নিৰ্বাসনৰ পৰা হাত সাৰিবলৈ এইটোৱেই একমাত্ৰ উপায়। উচ্চতম ন্যায়ালয়ে এই আবেদনত সন্মতি প্ৰকাশ কৰি ইয়াৰ পুৰণি আদেশ দুটা সংশোধন কৰে। ফিফাৰ সকলো নিৰ্দেশনা মানি লবʼলৈ কোৱা হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ক।
উচ্চতম ন্যায়ালয়েও এই কথাত সন্মতি প্ৰকাশ কৰে।সূত্ৰ অনুসৰি আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ চৰকাৰে ফিফালৈ প্ৰেৰণ কৰিছে। ইয়াত ফিফাৰ নিৰ্দেশনা মানি চলিবলৈ স্পষ্টভাৱে উল্লেখ কৰা হৈছে। ফলত নিৰ্বাচনৰ পূৰ্বে নিৰ্বাসন প্ৰত্যাহাৰ কৰাৰ প্ৰবল সম্ভাৱনা আছে। আনকি এই সপ্তাহতে নিৰ্বাসন প্ৰত্যাহাৰ হʼব পাৰে।
তেনে ক্ষেত্ৰত ছেপ্টেম্বৰৰ শেষৰ ফালে ভিয়েটনাম আৰু ছিংগাপুৰৰ বিৰুদ্ধে ভাৰতীয় ফুটবল দলৰ প্ৰদৰ্শনীমূলক মেচসমূহৰ লগতে এএফচি কাপত মোহন বাগানে খেলিবলৈ বাধা নাপাব। সচিব দেৱাশিস দত্তই কয়, “উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দান আমাৰ বাবে এক বৃহৎ সকাহ। সম্ভৱতঃ আমি এএফচি কাপত খেলিম৷”
উল্লেখ্য, সোমবাৰে পুৱাৰ শুনানিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ আবেদন গ্ৰহণ কৰে। দেশৰ শীৰ্ষ আদালতে কয় যে প্ৰশাসক কমিটীৰ হাতত আৰু কোনো ক্ষমতা নাথাকিব।ঘোষণা কৰা হৈছিল যে ফেডাৰেচনৰ কাৰ্যবাহী সম্পাদকে নিৰ্বাচন অনুষ্ঠিত কৰিব। ৩৬ জনীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰা হʼব।
আজি পুৱা উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বাইচুং ভূটীয়া। প্রশাসনিক সমিতিয়ে প্রস্তুত কৰা সংবিধানৰ খচৰাখন মানি লোৱা উচিত বুলি প্রাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে আবেদন জনায়৷ কিন্তু যিহেতু প্ৰশাসনিক সমিতিখন নিজেই নাই, সেয়ে বাইচুঙৰ আবেদনৰ আৰু কোনো ন্যায্যতা নাই।













