ASSAM TIMES POST
ডিফুঃ নগা শান্তি চুক্তি প্ৰসংগৰ সমান্তৰালকৈ দুই পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবী অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণকলৈ সৰব চৰ্চাত লাগিছে অট’নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে ৷
কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ বিদ্ৰুহী সংগঠন এনএছচি এনৰ মাজত সুদীৰ্ঘ দিন ধৰি অব্যাহত থকা আলোচনা প্ৰক্ৰিয়া অন্ত পেলাই চুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে দুই পাৰ্বত্য জিলা কাৰবি আংলং আৰু ডিমা হাচাওক সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰিছে প্ৰধান বিৰোধী ৰাজনৈতিক দল এএছডিচি ৷
কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাগী সদস্য জৎছন বে’, আৰু এএছডিচিৰ প্ৰচাৰ বিভাগৰ সচিব ডেনিয়ল টেৰণে আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি দুই পাৰ্বত্য জিলাত সংবিধান প্ৰদত্ত দাবী ২৪৪ (ক) ৰূপায়ণত চৰকাৰে কৰি অহা অৱহেলাকলৈ সৰৱহৈ পৰা পৰিলক্ষিত হয় ৷
বিশেষকৈ কিছুদিন পূৰ্বে জম্মু কাশ্মীৰৰ পৰা বিশেষ ক্ষমতা ধাৰা ৩৭০ বাতিল কৰি দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ লগতে নগা শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে নগা সকলক অধিক ক্ষমতা প্ৰদান কৰা বিষয়ক লৈ নেতা দুগৰাকী সৰব হৈ পৰে ৷১৯১৯ চনৰ”বেকবাৰ্ড ট্ৰেকত ‘ অন্তৰ্ভূক্ত হোৱা কাৰবি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ দৰে নাগা পাহাৰ জিলাও একে মৰ্যদাৰ অন্তৰ্ভূক্ত হোৱাৰ পিছতো নগাপাহাৰ জিলাক অধিক ক্ষমতা প্ৰদান কৰা হ’ল ৷
নগা সকলে আজি আন্তৰ্জাতিক পৰ্যায়তো নিজা সুকীয়া পতাকা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে ১৯৬৯ চনৰ পৰাই সংবিধান প্ৰদত্ত অনুচ্ছেদ ২৪৪ (ক)ৰ অনুসৰি দুই পাৰ্বত্য জিলাক ৰাজনৈতিক ভাবে উত্তৰণ নকৰিলে ৷ জিলাখনৰ এছডিচি, কেএছএ, কেএনচি আদি সংগঠনে পাৰ্বত্য জিলা দুখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিধি অনুসৰি শান্তি সম্বৃদ্ধি কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷