![]()
ফিফাই নিষিদ্ধ কৰিছে ভাৰতীয় ফুটবল সন্থাক। সেই নিৰ্বাসন কেতিয়া শেষ হʼব কোনেও নাজানে। ইফালে মনিষা কল্যাণে বিশ্বৰ মঞ্চত ভাৰতীয় ফুটবলৰ শিৰ উচ্চ কৰিলে। ইউএফএ চেম্পিয়নছ লীগত খেলা প্ৰথম ভাৰতীয় ফুটবলাৰ আছিল তেওঁ। এগৰাকী মহিলাতো দূৰৈৰ কথা, কোনো পুৰুষ ফুটবলাৰেই এই কৃতিত্ব অৰ্জন কৰিব পৰা নাই।
চাইপ্ৰাছৰ ক্লাব এপলন লেডিজৰ হৈ খেলে মনিষাই। বৃহস্পতিবাৰে তেওঁলোকৰ খেলখন আছিল মহিলা ইউএফএ চেম্পিয়নছ লীগত লাটভিয়াৰ ৰিগাছৰ বিৰুদ্ধে। সেই মেচখনত এপলনে ৩-০ গʼলত জয়লাভ কৰিছিল। এঘণ্টাৰ পিছত এগৰাকী পৰিবৰ্ত ফুটবলাৰ হিচাপে খেলপথাৰত প্ৰৱেশ কৰে মনিষাই। খেলপথাৰত প্ৰৱেশৰ লগে লগে ইতিহাস গঢ় লৈ উঠে।

মাৰিলেনা জৰ্জিঅʼৰ বিৰুদ্ধে মনিষাই খেলপথাৰত প্ৰৱেশ কৰাৰ সময়ত দলটোৱে ২-০ গʼলত আগবাঢ়ি আছিল। এপলনৰ হৈ তৃতীয়টো গʼল দিয়ে এলছাদাই আচিম্পঙে। উল্লেখ্য, এই এলছাদাই ইয়াৰ পূৰ্বে মনিষাৰ সৈতে গোকুলম কেৰালাৰ হৈ খেলিছে। গোকুলম কেৰালাও তাছকেন্দলৈ গৈছিল এ এফ চি মহিলা ক্লাব চেম্পিয়নশ্বিপ খেলিবলৈ। কিন্তু ফিফাৰ নিষেধাজ্ঞাৰ বাবে তেওঁলোকে ঘৰলৈ উভতি যাবলগা হ’ল।
ফিফাৰ নিৰ্বাসনৰ বাবে ভাৰতৰ জাতীয় দল বা কোনো ক্লাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলিব নোৱাৰে। কিন্তু ভাৰতীয় ফুটবলাৰ এজনে যদি বিদেশী ক্লাবত খেলে তেন্তে তেওঁ খেলপথাৰত প্ৰৱেশ কৰাত কোনো সমস্যা নাই। ভাৰতৰ মহিলা দলটোৱে যোৱা বছৰৰ নৱেম্বৰ মাহত ব্ৰাজিলৰ বিৰুদ্ধে এখন প্ৰীতি মেচ খেলিছিল। সেই মেচখনত ভাৰতৰ একমাত্ৰ গʼলটো দিছিল মণিষাই।













