ASSAM TIMES POST
ডিফু: সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী উপলক্ষে ৩ আৰু ৫ নৱেম্বৰত কাৰ্বি আংলঙৰ সদৰ ডিফুস্থিত ডিফু ক্লাবত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিফু ক্লাব আৰু ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত আয়োজিত এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিব বিশিষ্ট শিল্পী, সাংস্কৃতিক সংগঠক লোকনাথ গোস্বামীয়ে। ইফালে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি আংলঙৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়া।

ইয়াৰ লগত সংগতি ৰাখি দেওবাৰে চিত্ৰাংকন আৰু সুধাকন্ঠৰ স্বৰচিত আৰু সুৰাৰোপিত গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সমান্তৰালভাৱে, মঙলবাৰৰ কাৰ্যসূচীসমূহৰ ভিতৰত থাকিব সুধাকন্ঠৰ গীতৰ প্ৰচাৰ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সুধাকন্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, সাংস্কৃতিক সন্ধিয়া আৰু বঁটা বিতৰণী অনুষ্ঠান। উক্ত দুয়োটা দিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে ডিফু ক্লাবৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ দাস আৰু ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক এলড্ৰিন ৰংপিয়ে।













