ৰোহিংগীয়া শৰণাৰ্থীক ফ্লেট দিয়াৰ খবৰটো শুদ্ধ নহয়। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ পৰা স্পষ্ট হৈ পৰিছে যে এনে কোনো নির্দেশনা দিয়া হোৱা নাই৷ উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বুধবাৰে দাবী কৰে যে কেন্দ্ৰীয় চৰকাৰে ৰোহিংগীয়া শৰণাৰ্থীক ফ্লেট দিয়াৰ সিদ্ধান্ত লৈছে।
দিল্লীৰ বক্কৰৱালা অঞ্চলত অৰ্থনৈতিকভাৱে দুৰ্বল অংশৰ (ই ডব্লিউ এছ) বাবে নিৰ্মাণ কৰা ফ্লেটত তেওঁলোকক থাকিবলৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটত কৰা দাবীৰ পিছতে গৃহ মন্ত্ৰালয়ৰ এটা টুইটত লিখে, “ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক লৈ এটা বাতৰি সংবাদ মাধ্যমত বিয়পি পৰিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰিব বিচাৰিছে যে দিল্লীৰ বক্কৰৱালাৰ ই ডব্লিউ এছ ফ্লেটত ৰোহিংগীয়াসকলক থাকিবলৈ অনুমতি দিয়াৰ কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাই।” লগতে অনুপ্ৰৱেশকাৰীসকলক আইন অনুসৰি ডিটেনচন চেণ্টাৰত ৰখাৰ নিৰ্দেশ দিয়া হৈছে যেতিয়ালৈকে তেওঁলোকক ঘৰলৈ পঠিওৱা নহয় বুলি গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হয়।
উল্লেখ্য, বাসস্থানৰ উপৰি ৰোহিংগীয়া শৰণাৰ্থীসকলক সাধাৰণ সুবিধা প্ৰদান, তেওঁলোকৰ নিৰাপত্তাৰ বাবে ২৪ ঘণ্টা দিল্লী আৰক্ষী নিয়োজিত হʼব বুলি বুধবাৰে পুৱা কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে কৰা টুইটৰ পিছতে বিয়লি গৃহ মন্ত্ৰণালয়ে কেইবাটাও টুইট কৰে।
অমিত শ্বাহৰ মন্ত্ৰালয়ৰ টুইটত লিখা আছে, “দিল্লী চৰকাৰে ৰোহিংগীয়াসকলক নতুন স্থানলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিছে।” গৃহ মন্ত্ৰালয়ে জিএনচিটিডিক নিৰ্দেশ দিছে যে ৰোহিংগীয়াসকল এতিয়া যʼত আছে তাতেই থাকক। কাৰণ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি ৰোহিংগীয়াসকলক তেওঁলোকৰ দেশলৈ পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
গৃহ মন্ত্ৰালয়ৰ আন এক টুইটত লিখা আছে, “আইন অনুসৰি অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ পূৰ্বে ডিটেনচন চেণ্টাৰত ৰখা হʼব। এনে কোনো ডিটেনচন চেণ্টাৰ দিল্লী চৰকাৰে অৱগত কৰা নাই। অতি সোনকালেই দিল্লী চৰকাৰক এই নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে।”