![]()
ভাৰতীয় ফুটবলৰ ভয়াৱহ অৱস্থা। ভাৰতীয় ফুটবলৰ শাসকীয় সংস্থা নিখিল ভাৰত ফুটবল ফেডাৰেচনক নিৰ্বাসিত কৰিলে ফিফাই। ফিফাই ‘তৃতীয় পক্ষৰ হস্তক্ষেপ’ৰ বাবেই এই শাস্তি ঘোষণা কৰে। ইয়াৰ ফলত ১৭ বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ ফুটবল সংগঠনটো বৃহৎ অনিশ্চয়তাত পৰিল। লগতে সুনীল ছেত্ৰীৰ ফুটবল দলটোৰ ভৱিষ্যৎ অন্ধকাৰত পৰিল। ফিফাই এক বিবৃতিত কয়, “এতিয়া এআইএফএফ প্ৰশাসক সমিতিৰ কৰ্তৃত্বত আছে। বৰঞ্চ যিদিনাৰ পৰা নিৰ্বাচিত কমিটিয়ে এআইএফএফৰ দৈনন্দিন কাম-কাজৰ তদন্ত আৰম্ভ কৰিব, সেই দিনাৰ পৰা নিৰ্বাসনৰ শাস্তি প্ৰত্যাহাৰ কৰা হʼব।”
উল্লেখ্য, ১১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ভাৰতত অনুষ্ঠিত হʼবলগীয়া আছে ১৭ বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ ফুটবল। ইয়াৰ মাজতে যদি পৰিস্থিতি সলনি নহয় তেন্তে ভাৰতৰ পৰা এই প্ৰতিযোগিতা আঁতৰোৱা হʼব। ফিফাই এক বিবৃতিত কয় যে এই নিষেধাজ্ঞাৰ অৰ্থ হʼল ভাৰতে অক্টোবৰত অনুষ্ঠিত হʼবলগীয়া মহিলা ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ আয়োজন কৰিব নোৱাৰিব। এই প্ৰতিযোগিতাৰ সৈতে পৰৱৰ্তী পদক্ষেপ কি হʼব সেই বিষয়ে চিন্তা কৰি আছে ফিফাই।

আনহাতে, ফিফাই লিখে যে ভাৰতৰ কেন্দ্রীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠ যোগাযোগ আছে। তেওঁলোকে আশা কৰে, ইতিবাচক সমাধান এতিয়াও সম্ভৱ।
উল্লেখ্য, কাৰ্যকাল শেষ হোৱাৰ পিছতো প্ৰফুল্ল পেটেলে ফেডাৰেচনৰ সভাপতি হিচাপে আছিল। তাৰ ফলত উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছিল। চলিত বৰ্ষৰ মে’ মাহত দেশৰ উচ্চতম ন্যায়ালয়ে ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক সমিতি ভংগ কৰে। ভাৰতীয় ফুটবল পৰিচালনা কৰে তিনিজনীয়া প্ৰশাসক সমিতিয়ে। একে সময়তে কোৱা হৈছে যে অতি সোনকালে ফেডাৰেচন নিৰ্বাচন অনুষ্ঠিত কৰা উচিত।













