ASSAM TIMES POST
ডিফু : অসম অলিম্পিক সন্থাৰ সভাপতি, উপসভাপতি শীৰ্ষ পদ দুটা ঘোষণা কৰা হয় ৷ এক সুত্ৰ মতে জানিব পৰা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম অলিম্পিক সন্থাৰ সভাপতি পতাৰ পিছত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাবী সদস্য তুলিৰাম ৰংহাঙক উপসভাপতি পদত নতুনকৈ অধিষ্ঠিত কৰা হৈছে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইয়াৰ বাবে মুখ্যমন্ত্ৰী, অসম অলিম্পিক সন্থাক ধন্যবাদ জনোৱাৰ লগতে ক্ৰীড়া প্ৰেমী সকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷













