ASSAM TIMES POST
ডিফুঃ অহা ২ অক্টোবৰৰ পৰা ডিফুত অনুষ্ঠিত হ’ব ১৩ সংখ্যক সদৌ অসম ইউনাইটেড কেৰাটে চেম্পীয়ণশ্বীপ ২০১৯ ৷ সদৌ অসম কেৰাটে সন্থাৰ উদ্যোগত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থা তথা কাৰবি আংলং জিলা কেৰাটে সন্থাৰ ব্যৱস্থাপনাত কাছা ইনড’ৰ ষ্টেডিয়ামত অহা ২ নৱেম্বৰ শনিবাৰ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷
কাৰবি আংলং কেৰাটে সন্থাৰ কাৰিকৰী সঞ্চালক পূৰ্ণ তিমুঙে জানিবলৈ দিয়া অনুসৰি উক্ত প্ৰতিযোগিতাত কেডেট, জুনিয়ৰ, ছাবজুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ৯০০ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব ৷ অহা ৩ নৱেম্বৰ দিনৰ ১১ বজাৰ পৰা চেম্পিয়ণশ্বপটিৰ বঁটা বিতৰণি কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ চেম্পিয়নশ্বৰ উদ্ধোধনী অনুষ্ঠানত ৰাজ্যিক কাৰাটে সন্থাৰ এগৰাকী সম্পাদকৰ লগতে বিশিষ্ট লোক সকল উপস্থিত থাকিব ৷