ASSAM TIMES POST
ডিফুঃ আজি মাঞ্জাত অস্ত্ৰ-শস্ত্ৰ সহ এজন দুৰ্ধৰ্ষ পিডিচিকে কেডাৰ আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশাৰ পৰা কাৰবি আংলং আৰক্ষীৰ অভিযানকাৰী দল আৰু চিআৰপিএফৰ ডি/২০ বিএন কোম্পানীৰ এটি দলৰ যৌথ অভিযানত আজি পুৱা মাঞ্জা থানা এলেকাৰ লংনিট আৰু শিলনীৰ হাৰচিমি গাঁৱৰ পৰা আটক কৰে উগ্ৰপন্থী কেডাৰটোক আটক কৰিবলৈ সক্ষম হয়৷
ধৃত কেডাৰটো ম্যানমাৰত প্ৰশিক্ষণ প্ৰাপ্ত আৰু আঞ্জুকপানী থানা এলেকাৰ চন্দ্ৰ আথই তিমুঙ গাঁৱৰ হেনৰিকিউজ হাঞ্চেৰ পুত্ৰ ডমিনিক হাঞ্চে (২১) ওৰফে ছচিন ইংতি ওৰফে ৰমেন ৰংপি বুলি জানিব পৰা গৈছে৷ ধৃত কেডাৰটোৰ পৰা এটা ’32 পিষ্টল, 5 জাঁই সজীৱ গুলী আৰু এটা ছেমচন ম’বাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷
ধৃত কেডাৰটো পিডিচিকে চিএনচি ডেভিড মুক্ৰাঙ আৰু কৰপ’ৰেল বনেট টেৰণৰ বিশ্বস্ত সংগী আৰু পিডিচিকেৰ সক্ৰিয় কেডাৰ হয় বুলি সুত্ৰটোত প্ৰকাশ৷ আনহাতে আৰক্ষীৰ কাৰবি আংলং অভিযানকাৰীৰ দলটোক নেতৃত্ব দিছিল অ’চি ক্ৰমে, জিতু ডেকা,ৰাজু ছেত্ৰী ওৰফে মৌবলিক ব্ৰক্ষ্ম,আৰু বিতুপন চেতিয়াই৷ এই সন্দৰ্ভত মাঞ্জা থানাত 31/2019 নম্বৰত এক গোছৰ ৰুজো দি অধিক তথ্যৰ বাবে কেডাৰটোক জেৰা অব্যাহত ৰাখিছে৷