কমনৱেলথ গেমছৰ অন্তিম দিনটোত জিলিকি উঠিল ভাৰতীয় বেডমিণ্টনৰ তাৰকাসকল। প্ৰথমে মহিলা আৰু পুৰুষৰ একক শাখাত পি ভি সিন্ধু আৰু লক্ষ্য সেনে সোণৰ পদক লাভ কৰে। ইয়াৰ পিছতে পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে সোণৰ পদক লাভ কৰে। ইংলেণ্ডৰ লেন বেন আৰু ৱেণ্ডী ছিনক পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় যুটিটোৱে। খেলৰ ফলাফল ২১-১৫, ২১-১৩।
ইংলেণ্ডৰ লেন বেন আৰু ৱেণ্ডী ছিনৰ বিৰুদ্ধে সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুঁজ যে সহজ নহʼব সেয়া স্পষ্ট হৈ পৰিছিল। সেয়া খেলৰ আৰম্ভণিৰে পৰাই দেখা গৈছিল। কোনেও কাৰো বাবে যেন এক ইঞ্চি মাটিও এৰি দিব নোখোজে। প্ৰতিটো পইণ্টৰ বাবে যুঁজ দিছিল দুয়ো প্ৰতিপক্ষই।
প্ৰথমটো গেম এটা সময়ত ১০-১০ হৈছিল। তাৰ পৰা ভাৰতীয় যুটিযটোৱে একেৰাহে চাৰিটা পইণ্ট লাভ কৰে। নেটত সাত্বিকে ভাল খেলি আছিল। ইংলেণ্ডৰ যুটিটোক বেক কʼৰ্টলৈ ঠেলি দি ইটোৰ পিছত সিটো পইণ্ট লাভ কৰে তেওঁলোকে।
লেন-ৱেণ্ডীৰ যুটিটোৱে পুনৰ খেলখনত প্ৰত্যাবৰ্তনৰ বহুত চেষ্টা কৰে। কিন্তু সাত্বিক আৰু চিৰাগক ৰোধ কৰিব নোৱাৰে। প্ৰথমটো গেমত ২১-১৫ পইণ্টেৰে জয়লাভ কৰে সাত্বিক যুটিয়ে।
ভাৰতীয় যুটিটোৱে প্ৰথমটো গেম য’ৰ পৰা এৰিছিল, তাৰ পৰাই দ্বিতীয় গেম আৰম্ভ কৰে। ৩-১ পইণ্টেৰে আগবাঢ়ি যায় ভাৰতীয় যুটিটো। অৱশ্যে ৱেণ্ডি যুটিয়েও সহজে হাৰ মানি লোৱা নাছিল। দীঘলীয়া ৰেলী খেলিবলৈ ধৰে।
৬১ শ্বটৰ ৰেলীত ভাৰতীয় যুটিটোৱে ৫-৩ পইণ্টৰ অগ্ৰগতি লাভ কৰে। এটা সময়ত ইংৰাজ যুটিটোৱে ১০-৮ পইণ্টেৰে আগবাঢ়ি আছিল। কিন্তু তাৰ পৰাই মেচলৈ ঘূৰি আহে চিৰাগ যুটি। একেৰাহে পাঁচটা পইণ্ট লাভ কৰে।
ভাৰতীয় যুটিটোক এবাৰ অগ্ৰগতি লাভ কৰাৰ পিছত ৰোধ কৰিব পৰা নগʼল। ইংলেণ্ডৰ বিপক্ষৰ বিৰুদ্ধে থিয় দি ইটোৰ পিছত সিটো পইণ্ট লাভ কৰি যায়। দ্বিতীয়টো গেমত ২১-১৩ পইণ্টেৰে জয়লাভ কৰে।