এটা সপোনৰ প্ৰত্যাবৰ্তন! প্ৰথমটো ছেটত পৰাস্ত হোৱাৰ পাছতো কমনৱেলথ গেমছ বেডমিণ্টনৰ ফাইনেলত সোণৰ পদক লাভ কৰে লক্ষ্য সেনে। পৰৱৰ্তী দুটা ছেটত তেওঁ উজ্জ্বলভাৱে ঘূৰি আহি প্ৰতিপক্ষ মালয়েছিয়াৰ জে ইয়ঙক পৰাস্ত কৰে।
লক্ষ্যই ১৯-২১, ২১-৯, ২১-১৬ ব্যৱধানত জয়লাভ কৰে। উল্লেখ্য, কমনৱেলথ গেমছত ভাৰতে এতিয়ালৈকে ২০ টা সোণৰ পদক লাভ কৰিছে। আনহাতে, বাৰ্মিংহামৰ এন ই চি এৰিনাত অনুষ্ঠিত ফাইনেলত দৰ্শকে বিশ্বমানৰ বেডমিণ্টনৰ সাক্ষী হয়।
ইয়াৰ পূৰ্বে লক্ষ্যই বিশ্ব চেম্পিয়নশ্বিপ আৰু অল ইংলেণ্ডত পদক লাভ কৰিছিল। এইবাৰ তেওঁ কমনৱেলথতো পদক লাভ কৰে। অভিষেকতে সোণ! দলীয় ইভেণ্টত ভাল খেলিব নোৱাৰাৰ পাছতো তেওঁ আৰম্ভণিৰে পৰা একক শাখাত ভাল খেলিছিল। উত্তৰাখণ্ডৰ বেডমিণ্টন খেলুৱৈগৰাকীক ফাইনেলতো একেধৰণৰ ছন্দত দেখা যায়। প্ৰথম তিনিখন একক মেচত পোনপটীয়া গেমত জয়ী হয় তেওঁ।
উল্লেখ্য, ঘৰুৱা প্ৰতিযোগিতাত ইতিমধ্যে সফলতা লাভ কৰিছে লক্ষ্যই। আন্তঃৰাষ্ট্ৰীয় মঞ্চত লক্ষ্যৰ প্ৰথম সফলতা আছিল ২০১৬ চনত। এছিয়ান জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জ। ২০১৮ চনত তেওঁ এছিয়ান জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। লগতে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে।
আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত অনুষ্ঠিত যুৱ অলিম্পিকত ডবলছ পদক। একক শাখাত ৰূপৰ পদক লাভ কৰাৰ উপৰি দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰে। পিছৰ বছৰ তেওঁ বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰত ডাচ অʼপেন আৰু ছালৰলাক্স অʼপেনত জয়লাভ কৰে।
২০২০ চনত এছিয়ান টিম চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। পিছৰ বছৰ বিশ্ব চেম্পিয়নশ্বিপতো তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। কিছুদিন পূৰ্বে তেওঁ চলিত বৰ্ষত ইণ্ডিয়া অʼপেনত জয়লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ অল ইংলেণ্ডত ৰানাৰ্চ হয়। সেই সময়ত তেওঁক লৈ সমগ্ৰ দেশ উৎফুল্লিত হৈ পৰিছিল। কমনৱেলথত সোণৰ পদক লাভ কৰাৰ পিছত সেই সমৰ্থন নিঃসন্দেহে বৃদ্ধি পাব।