অৱশেষত সপোন বাস্তৱায়িত হʼল। পি ভি সিন্ধুৱে বাৰ্মিংহামত বেডমিণ্টনৰ মহিলা একক শাখাত সোণৰ পদক লাভ কৰে। অলিম্পিক ডাবলছৰ পদক বিজয়ীগৰাকীয়ে ৪৫ মিনিটৰ ক্লান্তিকৰ যুঁজত কানাডাৰ মিচেল লীক ২১-১৫, ২১-১৩ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য, ২০১৪ চনৰ গ্লাছগো কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক বিজয় কৰিছিল সিন্ধুৱে।
আনহাতে, ২০১৮ চনত গ’ল্ড কোষ্টত ৰূপৰ পদক লাভ কৰিছিল তেওঁ। এইবাৰ বাৰ্মিংহামত আহিল ঐতিহাসিক সোণ। সোমবাৰে অনুষ্ঠিত ফাইনেলত সিন্ধুৱে কানাডাৰ বিপক্ষৰ সকলো প্ৰত্যাহ্বানক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। উল্লেখ্য, গ্লাছগো কমনৱেলথৰ স্বৰ্ণ পদক বিজয়ীক পৰাস্ত কৰি স্বৰ্ণ দখল কৰে সিন্ধুৱে।