কমনৱেলথ গেমছৰ পৰা ভাৰতৰ জোলোঙালৈ ১৭ নম্বৰ স্বর্ণ পদক উপহাৰ দিলে নিখাত জাৰিনে। মহিলা বক্সিঙৰ লাইট ফ্লাইৱেইট বিভাগত (৪৮-৫০ কেজি) সোণৰ পদক অৰ্জন কৰে তেওঁ। ফাইনেলত তেওঁ পৰাস্ত কৰে নর্দান আয়াৰলেণ্ডৰ কার্লি এমচি নাউলক। অৱশ্যে টেবুল টেনিছৰ ডাবলছত স্বৰ্ণ জয়ৰ স্বপ্ন পূৰণ নহ’ল অচিন্ত্য শৰথ কমল-ছাথিয়ান জ্ঞানশেখৰন যুটিৰ।
উল্লেখ্য, ইস্তানবুলত আয়োজিত বিগত বিশ্ব চেম্পিয়নশ্বিপত মহিলাৰ ফ্লাইৱেইট বিভাগত স্বৰ্ণ জয় কৰিছিল নিখাতে। তাৰ পিছতেই তেওঁক লৈ আশা বুকুত বান্ধে ভাৰতীয় বক্সিং সংস্থাৰ বিষয়ববীয়াসকলে।
কমনৱেলথ গেমছত তেওঁৰ স্বৰ্ণ জয় সেই অর্থত প্রত্যাশিতই আছিল। উল্লেখ্য যে ফাইনেলৰ পাঁচজন বিচাৰকেই ভাৰতীয় মহিলা বক্সাৰগৰাকীৰ পক্ষত ৰায় দিয়ে।দেওবাৰে নিখাতৰ জৰিয়তে আহে বক্সিঙত ভাৰতলৈ তৃতীয়টো সোণৰ পদক।