![]()
ভাৰতৰকমনৱেলথ গেমছৰ এথলেটিক্সৰ পৰা আৰু চাৰিটা পদক অর্জন ভাৰতৰ।ট্রিপল জাম্পৰ পৰা আহিল সোণ আৰু ৰূপৰ পদক। স্বৰ্ণ জয় এলধোস পলৰ। আনহাতে, ৰূপৰ পদক লাভ আবদুল্লাহ আবুবাকৰ। ইফালে ৰেচ ৱাকত ব্রঞ্জৰ পদক অৰ্জন কৰে সন্দীপ কুমাৰে।
অৱশ্যে ট্রিপল জাম্পত আৰম্ভণি ভাল হোৱা নাছিল এলধোসৰ। দ্বিতীয় চেষ্টাৰ পৰা প্ৰদৰ্শনৰ উন্নতি ঘটে। ১৬.৩০ মিটাৰ জঁপিয়ায় তেওঁ। তৃতীয় প্রয়াসত ১৭.৩ মিটাৰ জঁপিয়াই স্বর্ণপদক নিশ্চিত কৰে।উল্লেখ্য, ইয়াৰ পূৰ্বে এই বিভাগত কোনো ভাৰতীয় এথলিটে স্বৰ্ণ পদক জয় কৰিব পৰা নাছিল।
আজি নতুন ইতিহাস ৰচনা কৰে এলধোসে। একেদৰে আৰম্ভণিতে কিছু নিষ্প্রভ আছিল ভাৰতৰ আনজন প্রতিযোগী আবদুল্লাহ আবুবাকৰ। কিছু পিছুৱাই থাকি আৰম্ভণি কৰিলেও প্রবীণ চিত্রাভেলকক চেৰাই প্রথম তিনিত প্ৰৱেশ কৰে তেওঁ।
পঞ্চম প্রচেষ্টাত ১৯.০২ মিটাৰ জঁপিয়াই তেওঁ ৰূপৰ পদক লাভ কৰে। আনহাতে, প্রিয়াঙ্কা গোস্বামীৰ পিছত ৰেচ ৱাকত এইবাৰ ভাৰতক পদক আনি দিয়ে সন্দীপ কুমাৰে। ১০ হাজাৰ মিটাৰ ৰেচ ৱাক ৩৮:৪৯.২১ মিনিটত শেষ কৰে তেওঁ।













