অৱশেষত ১৬ বছৰৰ প্রতীক্ষাৰ ফল লাভ।সৃষ্টি হ’ল নতুন ইতিহাস। কমনৱেলথ গেমছত মহিলাৰ হকীত ব্রঞ্জৰ পদক অৰ্জন ভাৰতৰ। দেওবাৰে নিউজিলেণ্ডক পেনাল্টি শুটআউটত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতৰ মহিলা দলটোৱে।
নির্ধাৰিত সময়ত খেল ১-১ গ’লত শেষ হয়। পেনাল্টি শুটআউটত যোৱাবাৰৰ চেম্পিয়ন দলটোক ২-১ ব্যৱধানত পৰাস্ত কৰি ব্রঞ্জ নিশ্চিত কৰে ভাৰতে।উল্লেখ্য, ছেমি ফাইনেলত আম্পায়াৰৰ বিতর্কিত সিদ্ধান্তত পেনাল্টি শুটআউটত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল সবিতা বাহিনী।
কিন্তু আজি ব্রঞ্জ পদকৰ মেচত প্রতিপক্ষক কোনো সুযোগে নিদিলে ভাৰতৰ মহিলা হকী দলটোৱে। আগ্রাসী মেজাজত খেল আৰম্ভ কৰে ভাৰতীয় দলটোৱে। মেচৰ দ্বিতীয় কোযৱার্টাৰত ছালিমা টেটেৰ গ’লত অগ্ৰগতি লয় ভাৰতে। অনুমান হৈছিল নির্ধাৰিত সময়ৰ ভিতৰতেই মেচৰ ফলাফল ওলাব।
কিন্তু অন্তিম মুহূৰ্তত সমতা স্থাপন কৰিবলৈ সক্ষম হয় নিউজিলেণ্ড। ৫৯ মিনিটত পেনাল্টি কর্নাৰৰ পৰা গ’ল কৰে অলিভিয়া মেৰীয়ে। অৱশ্যে একাধিক সুযোগ নষ্ট নহ’লে ৬০ মিনিটৰ ভিতৰতেই বিজয়ী হ’ব পাৰিলেহেঁতেন ভাৰতে।