কমনৱেলথ গেমছত দেওবাৰে আৰম্ভণিতে দুটাকৈ সোণৰ পদক লাভ ভাৰতৰ। দুয়োটায়েই আহে বক্সিঙৰ পৰা। স্বৰ্ণ জয় নীতু আৰু অমিত পঙ্ঘলৰ। আজিৰ প্রথম যুঁজত ৪৮ কেজি বিভাগত ইংলেণ্ডৰ ডেমিছ-জেড ৰেজস্তানক ৫-০ পইণ্টত পৰাস্ত কৰে নীতুৱে। পৰৱৰ্তী মেচত নামিছিল অমিত। তেৱোঁ ইংলেণ্ডৰ কিয়াৰান মেকডোনাল্ডক একেই ব্যৱধানত পৰাস্ত কৰে।
নীতুৱে ইয়াৰ আগতে যুৱ বক্সিং চেম্পিয়নশ্বিপত দুবাৰ স্বৰ্ণ জয় কৰিছে। এইবাৰেই প্রথম কমনৱেলথ গেমছ খেলিছে। প্রথমবাৰতেই স্বৰ্ণ জয় কৰে তেওঁ। অৱশ্যে পিতৃ কাষত নাথাকিলে বক্সিঙত সাফল্য কোনো দিনেই তেওঁ নাপালেহেঁতেন। তিনি বছৰ কামৰ পৰা অবেতন ছুটি লৈ নিজৰ জীয়ৰীক বক্সাৰ বনাবলৈ বলে উঠি-পৰি লাগিছিল তেওঁৰ পিতৃ জয় ভগৱান। সেই পৰিশ্রম অৱশেষত সফল হয় কমনৱেলথত স্বৰ্ণ জয়ত।
হাৰিয়ানাৰ ভিৱানি জিলাৰ ধনানা গাঁৱত জন্ম নীতুৰ। প্রথমতে বক্সিঙত একেবাৰেই উৎসাহ নাছিল। পিতৃৰ ইচ্ছাতেই বক্সিঙলৈ আহে। পিতৃৰ সৈতে চাইকেলত দৈনিক ৭০ কিমি যাব লাগিছিল ভিৱানি বক্সিং ক্লাবলৈ।