ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : অন্যান্য প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙটো পালন কৰে ৰাষ্ট্ৰীয় একতা দিৱস। জিলা প্ৰশাসনৰ উদ্যোগত হামৰেণ সদৰত পালন কৰা হয় এই একতা দিৱস। এই উপলক্ষে পুৱা হামৰেণস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা হামৰেণ নতুন বজাৰ লৈকে এক সমূহীয়া দৌৰ বাহিৰ কৰা হয়। সমূহীয়া দৌৰ মুকলি কৰে পশ্চিম কাৰ্বিআংলং জিলাৰ উপায়ুক্ত ছয়েদ ইস্ফাকুৰ ৰহমানে।চৰ্দাৰ বল্লব ভাই পেটেলৰ জন্ম বাৰ্ষিকীৰ উপলক্ষে পালন কৰা উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত গৰাকীৰ লগতে জিলা আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ আৰু স্থানীয় বহুকেইজন লোক উপস্থিত থাকে ।













