ASSAM TIMES POST
ডিফুঃ “অসমত বেচৰকাৰী পৰিবহন খণ্ডত নিয়োজিত চালক সকলৰ জীৱন দিনে দিনে অসুৰক্ষিত হৈ পৰিছে ৷” এই গুৰুত্ব পূৰ্ণ অভিযোগ উত্থাপন কৰিছে অসম মটৰ শ্ৰমিক ফেডাৰেছনৰ সভাপতি কৃষ্ণ বৰা আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে ৷
আজি ডিফুস্থিত কাৰবি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰিছে নেতাদ্বয়ে ৷ সংবাদমেলখনত নেতাদ্বয়ে সদৰি কৰা অনুসৰি যোৱা ১ ছেপ্তেম্বৰত ৰাতি ১২ টা বজাত উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ এলেকাৰ এটা উদ্যোগৰ পৰা সামগ্ৰী ভৰ্তি ট্ৰাকলৈ সন্তোষ চাৰ্কি নামৰ কাৰবি আংলঙৰ চালক এজন হোজাই অভিমুখে ৰাওনা হয় ৷মালভৰ্তি গাড়ী AS091GC- 8781সৈতে চালকজন যথাসময়ত গন্তব্য স্থানত আহি পোৱাৰ বিপৰীতে সন্ধানহীন হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু সম্পূৰ্ণ চাৰিদিনৰ পিছত নগাওঁ জিলাৰ ইটাচালি থানাৰ সমীপত পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত ট্ৰাকখন আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু মালবস্তু সমূহ মৰিগাঁৱৰ এটা গুদামত উদ্ধাৰ কৰে ৷
ঘটনাৰ লগত জড়িত এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰি জেললৈ পঠায় আৰু মূল অপৰাধী তাইজুল আলী ওৰফে বাবু পলাতক বুলি জনায় ৷ আৰক্ষীয়ে ঘটনাৰ লগত গাড়ী চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে আৰু চালক সন্তোষ চাৰ্কিক দূৰ্বৃত্তই হত্যা কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ এই সন্দৰ্ভত অভিভাৱক বুদ্ধ বাহাদুৰ চাৰ্কিয়ে উত্তৰ গুৱীহাটীৰ গৌৰীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু আজি সম্পূৰ্ণ দুমাহ ধৰি চালক সন্তোষ চাৰ্কিক উদ্ধাৰ কৰাত আৰক্ষীৰ ব্যৰ্থতা লক্ষণীয় আৰু উদ্বেগজনক বুলি কয় নেতাদ্বয়ে ৷
ৰাজ্যখন অপৰাধীৰ মুক্ত বিচৰণস্থলীলৈ ৰূপান্তৰ হোৱা আৰু মটৰ শ্ৰমিকসকলৰ জীৱন অসুৰক্ষিত হোৱা বিষয়টো সকলোৰে বাবে চিন্তনীয় বুলি উদ্বেগ প্ৰকাশ কৰে নেতাদ্বয়ে ৷এইলৈ নিৰুদ্দিষ্ট চাৰ্কিৰ পৰিয়াল চৰম হতাশাত ভুগিছে ৷ এই সন্দৰ্ভত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনাই জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷