কাৰাগাৰৰ পৰা জামিনত ওলাই আহি পুনৰ ধৰ্ষণ কৰে এজন ধৰ্ষণকাৰীয়ে। এইবাৰো তেওঁৰ নিৰ্যাতনৰ বলি হৈছে সেই একেগৰাকী মহিলা, যাক তেওঁ দুবছৰ পূৰ্বে ধৰ্ষণ কৰাৰ অপৰাধত জে’ললৈ গৈছিল।
মধ্যপ্ৰদেশৰ জবলপুৰৰ বাসিন্দা বিবেক পেটেলক ২০২০ চনত ধৰ্ষণৰ অভিযোগত কাৰাদণ্ড বিহা হৈছিল। দুবছৰৰ পাছত যোৱা মাহত কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হয়।
যোৱা মাহত বিবেকে তেওঁক হত্যা কৰাৰ ভাবুকি দি ধৰ্ষণ কৰা বুলি আৰক্ষীক জনায় যুৱতীগৰাকীয়ে। বিবেকৰ এজন বন্ধুও তেওঁৰ লগত আছিল বুলি জনায় তেওঁ। মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, এইবাৰ হত্যাৰ ভাবুকি দি ধৰ্ষণ কৰে ধৰ্ষণকাৰীয়ে। আনকি, ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিংও কৰা হৈছে।
আৰক্ষীক দিয়া বিবৃতিত মহিলাগৰাকীয়ে জনোৱা মতে, বিবেক আৰু তেওঁৰ বন্ধুৱে জোৰকৈ তেওঁৰ ঘৰত প্ৰৱেশ কৰে। ধৰ্ষণ কাণ্ডৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ পিছত তেওঁ ভিডিঅ’টো প্ৰচাৰ কৰাৰ হুংকাৰ দিয়ে। বিবেকে মহিলাগৰাকীক জনোৱা মতে, যদিহে তেওঁ পূৰ্বৰ ধৰ্ষণৰ অভিযোগ প্ৰত্যাহাৰ নকৰে তেন্তে ভিডিঅ’ প্ৰচাৰ কৰা হʼব।
আৰক্ষীৰ সূত্ৰ অনুসৰি ২০২০ চনৰ পূৰ্বে যেতিয়া বিবেকক ধৰ্ষণৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল তেতিয়া ভুক্তভোগীৰ বয়স আছিল ১৭ বছৰ। তাৰ পিছত নাবালিকা ধৰ্ষণৰ অভিযোগত বিবেকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
এতিয়া ভুক্তভোগীগৰাকী ১৯ বছৰীয়া কিশোৰী। তেওঁৰ অভিযোগৰ ভিত্তিত বিবেক আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত দুজনৰ সন্ধানত আৰম্ভ কৰা হৈছে তালাচী অভিযান।