এইবাৰ টেবুল টেনিছত সোণ। কমনৱেলথ গেমছত ভাৰতে লাভ কৰে পঞ্চমটো স্বৰ্ণ। মঙলবাৰে ভাৰতীয় পুৰুষৰ টেবুল টেনিছ দলে ছিংগাপুৰক ৩-১ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।
লʼৰাৰ ডাবলছত হৰমীত দেশাই আৰু জি ছাথিয়ানে ৩-০ ছেটত জয়লাভ কৰে। তেওঁলোকে ছিংগাপুৰৰ প্ৰতিযোগীসকলক কোনো ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈয়ে নিদিলে। পৰৱৰ্তী একক শাখাত অৱশ্যে পৰাস্ত হয় শৰৎ কমল। ১-৩ ছেটত পৰাস্ত হয় তেওঁ। কিন্তু ইয়াৰ পিছত ছাথিয়ানে একক শাখাত ৩-১ ছেটত জয়লাভ কৰে।
উল্লেখ্য, গ্ৰুপ পৰ্যায়ত বাৰ্বাডোজ, ছিংগাপুৰ আৰু উত্তৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰত। কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক পৰাস্ত কৰে ভাৰতে। ছেমি ফাইনেলত ভাৰতে নাইজেৰিয়াক ৩-০ ছেটত পৰাস্ত কৰে।