ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত সমগ্ৰ দেশতে আৰম্ভ কৰা গান্ধী সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি ১৫ অক্টোৱৰৰ পৰা অসমৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বিআংলঙটো চি.ই.এম.তুলিৰাম ৰংহাঙৰ নেতৃত্বত আৰম্ভ হৈছিল গান্ধী সংকল্প যাত্ৰাৰ ।
এই যাত্ৰাৰ অন্তিম কাৰ্যসূচী হিচাপে আজি পশ্চিম কাৰ্বিআংলঙৰ ৪টা পৰিষদীয় সমষ্টিৰ প্ৰায় ২০ কিলোমিটাৰ খোজকাঢ়ি গান্ধীৰ সংকল্প যাত্ৰাৰ সামৰণি পৰে । আজি অন্তিম দিনা পূৱা ৯বজাত জিলা খনৰ ১নং দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ বৈঠালাংছ’ৰ পৰা আৰম্ভ কৰি চি.ই.এম.তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং ৰেংথামাত দহ সহস্ৰাধিক লোকৰ অংশগ্ৰহনেৰে ওলিওৱা এক বৃহৎ পদযাত্ৰাৰে সামৰণি পৰে সংকল্প যাত্ৰাৰ।
এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিষদৰ দুৱাৰ আমলা, কপিলী, আমৰেং আৰু বিথুং ৰেংথামা সমষ্টিত সুকীয়া সুকীয়া কৈ অনুষ্ঠিত কৰে সভা। অনুষ্ঠানত চি.ই.এম.তুলিৰাম ৰংহাঙক সংগ দিয়ে সাংসদ হৰেণছিং বে’,মন্ত্ৰী চুম ৰংহাং, বিধায়ক ডাঃ মানছিং ৰংপি,প্ৰভাত চন্দ্ৰ তাৰ’ৰ প্ৰমুখ্যে পৰিষদৰ বহুকেইজন ই.এম. তথা এম.এচি.লগতে বিজেপি দলৰ বহুকেইজন শীৰ্ষ নেতায়ে ।
উল্লেখযোগ্য যে,বিশ সহস্ৰাধিক লোকে অংশ গ্ৰহন কৰা চি.ই.এম.তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং ৰেংথামাত অনুষ্ঠিত হোৱা অন্তিমখন সভাত সকলোয়ে পাৰ্বত্য জিলাখনক দূৰ্নীতি মুক্ত, প্ৰদূষনমূক্ত, সন্ত্ৰাসবাদমূক্ত, প্লাষ্টিক মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ সংকল্প লয় ।