![]()
মণিপুৰৰ মীৰাবাঈ চানুৱে দেশৰ হৈ কমনৱেলথ গেমছত প্ৰথমটো সোণৰ পদক হস্তগত কৰাৰ পিছত এইবাৰ বিন্দিয়াৰাণীয়ে আজুৰি আনিলে ৰূপৰ পদক৷ ৫৫ কিলোগ্ৰামৰ মহিলা ভাৰোত্তোলন শাখাত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে জয় কৰে ৰূপৰ পদক৷
উল্লেখ্য, বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছত দেশৰ হৈ চতুৰ্থটো পদক ভাৰোত্তোলনতে কঢ়িয়াই আনে বিন্দিয়াৰাণীয়ে ৷
নাইজেৰিয়াৰ আদিজাত আদেনিকে ওলাৰিনোয়েলৈ ২০৩ কিলোগ্ৰাম উত্তোলনেৰে সোণৰ পদক লাভ কৰে ৷ পদক জয়ৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি বিন্দিয়াৰাণীয়ে কয়, “এইটো মোৰ প্ৰথম পদক৷ এই পদক জয় কৰি মই বহুত সুখী অনুভৱ কৰিছো৷”
উল্লেখ্য, মীৰাবায়ে শনিবাৰে সোণৰ পদক লাভ কৰাৰ পিছত মণিপুৰৰে খেলুৱৈ বিন্দিয়াৰাণীয়েও ৰূপৰ পদক জয় কৰি দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে, এই পৰ্যন্ত ভাৰতে জয় কৰা তিনিওটা পদকেই ভাৰোত্তোলনতেই লাভ কৰিছে৷













