
কমনৱেলথৰ দ্বিতীয় দিনা দুটাকৈ পদক ভাৰতৰ।দুয়োটাই আহিল ভাৰোত্তোলনৰ পৰা। ৬১ কেজি বিভাগত ব্রঞ্জ বিজয় গুৰুৰাজা পূজাৰীৰ। মুঠ ২৬৯ কেজি ওজন ডাঙি পদক জয় কৰে ভাৰতীয় ভাৰোত্তোলকজনে। স্ন্যাচত ১১৮ কেজি আৰু ক্লিন এণ্ড জার্কত ১৫১ কেজি ওজন ডাঙে তেওঁ।
উল্লেখ্য, তেওঁৰ অনুপ্ৰেৰণাতে কমনৱেলথ গেমছত অংশগ্ৰহণৰ স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছিল বার্মিংহাম কমনৱেলথৰ প্রথম পদকজয়ী সঙ্কেত সাৰগাৰে। গল্ড কোষ্টত গুৰুৰাজাৰ ৰূপ জযয়ে তেওঁক উদ্বুদ্ধ কৰিছিল। আজি নিজৰ উক্ত আইডলকে চেৰ পেলাই ৰূপ জয় কৰে সঙ্কেতে।
আগৰবাৰ কমনৱেলথত ৰূপ জয় কৰিছিল গুৰুৰাজাই। এইবাৰ ব্রঞ্জতেই সন্তুষ্ট থাকিব লগা হয়। এইবাৰৰ কমনৱেলথত দুটা পদক হ’ল ভাৰতৰ। সোণৰ আশাত এতিয়া মীৰাবাই চানুৰ ফালে দৃষ্টি ভাৰতবাসীৰ।













