ভাৰতে লাভ কৰিলে প্ৰথমটো কমনৱেলথ গেমছ পদক। পুৰুষৰ ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰে সংকেত সৰগৰে। ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে ৫৫ কেজি শাখাত এই সাফল্য লাভ কৰে। শনিবাৰে বাৰ্মিংহামত অনুষ্ঠিত পুৰুষৰ ভাৰোত্তোলন ৫৫ কেজি শাখাত দ্বিতীয় স্থান দখল কৰে সংকেতে। তেওঁ মুঠ ২৪৮ কেজি ওজন ডাঙিবলৈ সক্ষম হয়।
স্নেচত ১৩৩ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৩৫ কেজি। চূড়ান্ত ৰাউণ্ডত মাত্ৰ এক কেজি ওজনৰ বাবে সোণৰ পৰা বঞ্চিত হয় সংকেত। ফাইনেল ৰাউণ্ডত মালয়েছিয়াৰ বিব অনিকে ২৪৯ কেজি ওজন ডাঙিবলৈ সক্ষম হয়। শ্ৰীলংকাৰ দিলাংকা য়োডেজে ২২৫ কেজি ওজন তুলি ব্ৰঞ্জৰ পদক লাভ কৰে।
এটা সময়লৈকে সংকেতে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীক পিছ পেলাই আছিল। কিন্তু পুৰুষৰ ৫৫ কেজি শাখাত ক্লিন এণ্ড জাৰ্ক ৰাউণ্ডত দ্বিতীয় প্ৰচেষ্টাত ১৪১ কিলোগ্ৰাম ওজন তুলিবলৈ গৈ আঘাতপ্ৰাপ্ত হয় ভাৰতীয় ভাৰোত্তোলকগৰাকী। সেইটোৱেই পাৰ্থক্য সৃষ্টি কৰে। কিন্তু বাৰ্মিংহামত দেশলৈ প্ৰথমটো পদক কঢ়িয়াই অনাৰ বাবে সংকেতৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব ।
মহাৰাষ্ট্ৰৰ ছাংগলীৰ ২১ বছৰীয়া ভাৰোত্তোলকগৰাকীৰ কেৰিয়াৰত এয়া সৰ্ববৃহৎ মাল্টি ইভেণ্ট জয়। স্নেচ ৰাউণ্ডত বাকীসকলক এৰি সংকেত আগবাঢ়ি যায়। ক্লিন এণ্ড জাৰ্ক ইভেণ্টত ৬ কেজি লিড। কিন্তু ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে এই ৰাউণ্ডত মাত্ৰ এটা লিফ্ট কৰিবলৈ সক্ষম হয়। ৫৫ কেজি শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন তেওঁ।
ছিংগাপুৰৰ ভাৰোত্তোলন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত জয়লাভ কৰি ফেব্ৰুৱাৰী মাহত কমনৱেলথ গেমছৰ পদক নিশ্চিত কৰিছিল। সংকেতে মুঠ ওজন ২৫৬ কেজি তুলি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰেকৰ্ড গঢ়িছে। ২০২১ চনৰ ডিচেম্বৰ মাহত কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল তেওঁ।
বিগত কমনৱেলথ গেমছত ভাৰতে মুঠ ৯টা পদক লাভ কৰিছিল। ইয়াৰ ভিতৰত আছিল ৫ টা সোণ। এই বছৰো ভাৰোত্তোলনৰ পৰা একাধিক পদক লাভ কৰাৰ আশা কৰা হৈছে। আজি ৪৯ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব কৰিব মিৰাবাই চানুৱে।