![]()
কাবুলত ক্ৰিকেট খেলৰ সময়ত বিস্ফোৰণ। আহত কেইবাজনো। শুকুৰবাৰে আত্মঘাতী বোমা আক্ৰমণত হঠাতে জোকাৰি যায় কাবুলৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম। আফগানিস্তানৰ ঘৰুৱা টি-২০ লীগৰ খেল চলি আছিল তাত।
সেই সময়ত কাবুল ষ্টেডিয়ামত বন্দে আমিৰ ড্ৰেগনছ আৰু পামিৰ জালমিৰ মাজত স্পাগিজা ক্ৰিকেট লীগ চলি আছিল। আফগানিস্তান ক্ৰিকেট বʼৰ্ডে ২০১৩ চনত এই লীগ আৰম্ভ কৰিছিল। ষ্টেডিয়ামখনত উপস্থিত আছিল আমেৰিকাৰ বিষয়াসকল। তেতিয়াই বিস্ফোৰণটো সংঘটিত হয়। লগে লগে ক্ৰিকেটাৰসকলে বাংকাৰৰ ফালে দৌৰি মাৰে।













