![]()
অপেক্ষাৰ অন্ত পেলাই বাৰ্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত বৃহস্পতিবাৰে মাজনিশা ৰঙীন অনুষ্ঠানৰ জৰিয়তে কমনৱেলথ গেমছৰ আৰম্ভণি হয়। পি ভি সিন্ধু আৰু মনপ্ৰীত সিঙে কঢ়িয়াই লৈ ফুৰিছিল ভাৰতীয় পতাকা। আৰম্ভণিতে খেলুৱৈৰ পেৰেড।
এছিয়ান খেলুৱৈৰ পেৰেডত প্ৰথম দেখা যায় বাংলাদেশক। তাৰ পিছত ভাৰত। ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ তথা হকী তাৰকাগৰাকীয়ে প্ৰথমে দেশৰ পতাকা লৈ আগবাঢ়ে। বাৰ্মিংহামত দেখা গ’ল ভাংৰা। উল্লেখ্য, চহৰখনত বহু ভাৰতীয়ই বাস কৰে। সেয়ে উদ্বোধনী অনুষ্ঠানত ভাৰতৰ সংস্কৃতিকো আলোকপাত কৰা হয়। নৃত্যশিল্পীসকলে ভাংৰাৰ তালত নৃত্য কৰে।
নৃত্যৰ জৰিয়তে বিভিন্ন দেশৰ সংস্কৃতিৰ প্ৰচলন হয়। পতাকা উত্তোলনৰ পিছত জাতীয় সংগীত বজোৱা হয়। তাৰ পিছত কুইনছ বেটন ৰিলে। মুকলি অনুষ্ঠানত উপস্থিত নাছিল ৰাণী এলিজাবেথ। তেওঁৰ বাৰ্তা পাঠ কৰে ৰাজকুমাৰ চাৰ্লছে। ইয়াৰ লগে লগে আৰম্ভ হয় কমনৱেলথ গেমছ। নৃত্য, গীত আৰু ঐক্যৰ বাৰ্তাই প্ৰতিযোগিতাখন সামৰি লৈছে। অনুষ্ঠানৰ আৰম্ভণিতে বাৰ্মিংহামৰ ইতিহাস উপস্থাপন কৰা হয়।
উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই। ষ্টেডিয়ামখন সম্পূৰ্ণভাবে ভৰি পৰে। প্ৰায় ৩০ হাজাৰ দৰ্শক উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত। উল্লেখ্য, এইবাৰৰ প্ৰতিযোগিতাত ৭২খন দেশৰ পাঁচ হাজাৰোধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মহিলা ক্ৰিকেটত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতৰ হকী অভিযানো আৰম্ভ হ’ব।













