![]()
পাকিস্তানৰ খেলুৱৈসকলে হঠাতে দবা অলিম্পিয়াডত অংশ নোলোৱাৰ সিদ্ধান্ত লোৱাটো আচৰিত কথা বুলি ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে মন্তব্য কৰে৷
ভাৰতত অনুষ্ঠিত দবা অলিম্পিয়াডৰ পৰা পাকিস্তানে নাম প্ৰত্যাহাৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “পাকিস্তানে এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটোক ৰাজনীতিকৰণ কৰাটো অতি দুৰ্ভাগ্যজনক।এই সিদ্ধান্ত এনে সময়তে লোৱা হৈছে যেতিয়া দলটোৱে ভাৰতত উপনীত হৈছে।”
উল্লেখ্য যে আজিৰে পৰা তামিলনাডুৰ মামল্লাপুৰমত আৰম্ভ হৈছে ৪৪ সংখ্যক দবা অলিম্পিয়াড। এইবাৰ দবা অলিম্পিয়াডত অংশ লোৱা নাই ৰাছিয়া আৰু চীনে।
এনে অৱস্থাত ভাৰতে অ’পেন আৰু মহিলা শাখাত তিনিটা দলে খেলিব। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন তথা প্ৰবীণ খেলুৱৈ বিশ্বনাথন আনন্দই অলিম্পিয়াডত ভাগ নোলোৱাৰ সিদ্ধান্ত লৈছে। গুৰুত্বপূৰ্ণ কথা এই যে এইবাৰ তেওঁ ভাৰতীয় দলসমূহৰ গুৰু হিচাপে নিজৰ ভূমিকা পালন কৰিব।













