![]()
বেয়া খবৰ। আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা বাহিৰ হʼল জেভেলিন থ্ৰʼৱাৰ নীৰজ চোপ্ৰা। অলিম্পিকৰ পদক বিজয়ী নীৰজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবেই কমনৱেলথ গেমছত ভাৰতে এটি নিশ্চিত পদক হেৰুৱালে।
উল্লেখ্য, ২৮ জুলাইৰ পৰা আৰম্ভ হʼব কমনৱেলথ গেমছ। ইয়াৰ দুদিন পূৰ্বে এই খবৰটো আহিছে। শেহতীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নীৰজে।
অৱশ্যে সেই টুৰ্ণামেণ্টৰ ফাইনেলত নীৰজে উৰুত আঘাত পাইছিল। তেওঁ নিজেই কৈছিল যে জেভেলিন নিক্ষেপ কৰাত তেওঁৰ বহুত অসুবিধা হৈছিল। দৌৰাটো কঠিন আছিল। এই আঘাতৰ বাবে নীৰাজে ৰিস্ক লʼব বিচৰা নাছিল। অৱশেষত চিকিৎসকৰ পৰামৰ্শমতে তেওঁ কমনৱেলথ গেমছৰ পৰা আঁতৰি যায়।
ভাৰতীয় অলিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ মেহতাই কয়, ‘আগন্তুক কমনৱেলথ গেমছত নীৰজ চোপ্ৰাই অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত আঘাতপ্ৰাপ্ত হৈছিল। তেওঁৰ আঘাতৰ বিষয়ে আমি অৱগত।’ উল্লেখ্য, বিগত কমনৱেলথ গেমছত নীৰজে সোণৰ পদক লাভ কৰিছিল।













