![]()
যোৱা সপ্তাহত কৰোনা ভাইৰাছৰ সংখ্যাই ২০ হাজাৰৰ সীমা অতিক্ৰম কৰিছিল যদিও সমগ্ৰ দেশত দৈনিক আক্ৰান্ত লোকৰ সংখ্যা যোৱা ২৪ ঘণ্টাত হ্ৰাস পাইছে ১৫ হাজাৰলৈ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা কোভিড বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত দৈনিক আক্ৰান্তৰ সংখ্যা ১৪,৮৩০লৈ হ্ৰাস পাইছে। সোমবাৰে এই সংখ্যা আছিল ১৬,৮৬৬ জন। পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত দৈনিক সংক্ৰমণৰ হাৰ ৩.৪৮ শতাংশ হ্ৰাস পাইছে। সোমবাৰে দৈনিক সংক্ৰমণৰ হাৰ আছিল ৭.০৩ শতাংশ।
ৰাজ্যভিত্তিক কোভিডৰ সামগ্ৰিক পৰিস্থিতিলৈ চালে দেখা যায় যে কেৰালা আৰু মহাৰাষ্ট্ৰক অতিক্ৰম কৰি দেশৰ দৈনিক সংক্ৰমণৰ তালিকাত তামিলনাডু শীৰ্ষত আছে। যোৱা ২৪ ঘণ্টাত তামিলনাডুত দৈনিক আক্ৰান্তৰ সংখ্যা হৈছে ১৯০৩ জন। ইয়াৰ পিছতে আছে কেৰালা (১৭০০), পশ্চিমবংগ (১,০৯৪), কৰ্ণাটক (৯৩৯) আৰু মহাৰাষ্ট্ৰ (৭৮৫)। লক্ষদ্বীপত এতিয়ালৈকে দৈনিক কৰোনাত আক্ৰান্তৰ সংখ্যা শূন্য।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত কোভিডৰ ফলত মৃত্যু হৈছে ৩৬ জন লোকৰ। ইয়াৰে কেৰালা আৰু পশ্চিমবংগত সৰ্বাধিক মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত দুয়োখন ৰাজ্যতে কৰোনাত আক্ৰান্ত হৈ ৭ জন লোকৰ মৃত্যু হৈছে।
ইয়াৰ বাহিৰেও মহাৰাষ্ট্ৰত ৬ জন, গুজৰাটত ৩ জন, দিল্লী আৰু পঞ্জাবত ২ জন আৰু মধ্যপ্ৰদেশ, কৰ্ণাটক, হাৰিয়ানা, উত্তৰাখণ্ড, ছত্তীশগড়, উড়িশা, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত এজনকৈ লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ৪১। পৰিসংখ্যা অনুসৰি ভাৰতত কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ লাখ ২৮ হাজাৰ ৬৭৩ জনলৈ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘণ্টাত কোভিড সংক্ৰমণৰ পৰা ১৮,১৫৯ জন লোক সুস্থ হৈ উঠিছে। সমগ্ৰ দেশত ৪ কোটি ৩২ লাখ ৪৬ হাজাৰ ৮২৯ জন লোক সুস্থ হৈ উঠিছে। বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৮.৪৭ শতাংশ। এতিয়ালৈকে দেশত ২০২ কোটি ৫০ লাখ ৫৭ হাজাৰ ৭১৭ টা টীকাকৰণ কৰা হৈছে।












