বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ মাজতে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে টুইটযোগে কৰিলে বিষ্ফোৰক মন্তব্য। প্ৰশিক্ষণৰ সময়ত মানসিক হতাশাত ভুগাৰ কথা ব্যক্ত কৰিলে বক্সাৰ গৰাকীয়ে।
এক টুইটযোগে লাভলীনাই নিজৰ মানসিক হতাশাৰ বিষয়ে উল্লেখ কৰাৰ পিছতে সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।লাভলীনাই তেওঁৰ টুইটত লিখে যে, ‘অতি দুখৰ সৈতে মই জনাইছো যে মোৰ প্ৰশিক্ষকসকলক অপসাৰণ কৰাৰ বাবে মই অহৰহ হাৰাশাস্তিৰ সন্মুখীন হৈছো। মোৰ দেশৰ বাবে অলিম্পিকৰ পদক লাভ কৰাত সহায় কৰা মোৰ প্ৰশিক্ষকসকলক অহৰহ আঁতৰাই পেলোৱাটোৱে প্ৰতিযোগিতাখনৰ বাবে মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে।’
লাভনীলাই পুনৰ লিখিছে, “তাৰ ভিতৰত এজন হৈছে দ্ৰোণাচাৰ্য বঁটা বিজয়ী সন্ধ্যা গুৰুংজী। মোৰ দুয়োজন প্ৰশিক্ষকক শেষ মুহূৰ্তত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অগণন বাৰ অনুৰোধ কৰিবলগীয়া হৈছিল, আনকি প্ৰশিক্ষণ শিবিৰতো।
এই মুহূৰ্তত মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং আনকি কমনৱেলথ গেমছ ভিলেজতো নাই কাৰণ তাই এতিয়াও প্ৰৱেশ লাভ কৰা নাই। যাৰ ফলত খেললৈ মাত্ৰ ৮ দিন বাকী থকা অৱস্থাত মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। মোৰ দ্বিতীয় প্ৰশিক্ষককো ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে।’