আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰে দ্ৰৌপদী মুৰ্মুৱে। কিন্তু তেখেতৰ জন্মগত নাম সেইটো হয়নে? এই বিষয়ে ৰাষ্ট্ৰপতিয়ে নিজেই প্ৰকাশ কৰিছে।
প্ৰকৃততে মহাভাৰতৰ দ্ৰৌপদী চৰিত্ৰৰ পৰা তেখেতৰ নামটো দ্ৰৌপদী নামেৰে নামকৰণ কৰা হৈছিল। প্ৰথমতে তেওঁৰ নাম দ্ৰৌপদী নাছিল। দেশৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উড়িশাৰ এখন কাকতত দিয়া এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে।।
দ্ৰৌপদীয়ে সাক্ষাৎকাৰটোত কয় যে তেওঁৰ নাম প্ৰথমতে ‘পুটি’ ৰখা হৈছিল। পিছত এই চাওতালি নামটো সলনি কৰি স্কুলৰ শিক্ষক এগৰাকীয়ে তেওঁৰ নাম দ্ৰৌপদী ৰাখে। ৰাষ্ট্ৰপতিৰ কথাত, “দ্ৰৌপদী মোৰ প্ৰকৃত নাম নহয়। মোৰ এজন শিক্ষকে মোক এই নামটো দিয়ে।”
এই প্ৰসংগত দ্ৰৌপদীয়ে আৰু কয়, “শিক্ষকে মোৰ আগৰ নামটো ভাল নাপালে। সেইবাবেই তেওঁ নামটো সলনি কৰিলে।” তেওঁ কয় যে “পৰিয়ালত ছোৱালী থাকিলে আইতাকৰ নামেৰে নামকৰণ কৰা হয়। আৰু ল’ৰা হ’লে দাদুৰ বুলি কোৱা হয়।”
বিয়াৰ আগতে দ্ৰৌপদীৰ উপাধি আছিল টুডু। স্কুল-কলেজতো তেওঁ এই উপাধিটো ব্যৱহাৰ কৰিছিল। বিয়াৰ পিছত তেওঁ নিজৰ উপাধি সলনি কৰি মুৰ্মু কৰে।
উল্লেখ্য, সোমবাৰে ৰাষ্ট্ৰপতি হিচাপে প্ৰথম ভাষণ প্ৰদান কৰে দ্ৰৌপদীয়ে। দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত নিৰ্বাচিত হোৱা দ্ৰৌপদী দেশৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি।
দ্ৰৌপদীয়ে কয়, “সকলোৰে আশীৰ্বাদত মই দেশৰ ৰাষ্ট্ৰপতি হৈছো। মই এখন প্ৰগতিশীল দেশৰ ৰাষ্ট্ৰপতি। মই নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰিছো।” তেওঁ আৰু কয়, “ভাৰতৰ স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা মই দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ব্যক্তি। ভাৰতৰ নাগৰিকলৈ মোৰ আহ্বান যে আমি সকলোৱে মিলি স্বাধীনতা সংগ্ৰামীসকলৰ আশা-আকাংক্ষা পূৰণ কৰিব লাগিব।”
তেওঁ কয়, ‘স্বাধীনতাৰ ৫০ বছৰত মোৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল। আৰু স্বাধীনতাৰ ৭৫ বছৰত মই ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পাইছোঁ। দেশৰ ৰাষ্ট্ৰপতি হোৱাটো মোৰ ব্যক্তিগত কৃতিত্ব নহয়। ভাৰতৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ এই সাফল্য। মোৰ ৰাষ্ট্ৰপতি হোৱাটোৱে প্ৰমাণ কৰে যে ভাৰতৰ দৰিদ্ৰ জনসাধাৰণে কেৱল সপোন দেখাই নহয়, সেই সপোনবোৰো পূৰণ কৰিব পাৰে।”