দেৱ-দেৱীৰ মূৰ্তি থকা বুলি দাবী কৰি জ্ঞানবাপী মছজিদত পূজা কৰাৰ অনুমতি বিচাৰে ৫গৰাকী হিন্দু মহিলাই। বাৰাণসী আদালতত ইয়াৰ নিষ্পত্তি বিচাৰে উচ্চতম ন্যায়ালয়ে।মছজিদ চৌহদৰ আশ্ৰমত শিৱলিংগৰ উপস্থিতি দাবী কৰি শিৱলিংগৰ বয়স নিৰ্ণয়ৰ বাবে ‘কাৰ্বন ডেটিং’ পৰীক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল।
কিন্তু উচ্চতম ন্যায়ালয়ে সেই দাবী নাকচ কৰিলে।উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে ২০২১ চনৰ আগষ্ট মাহত ৫ গৰাকী হিন্দু মহিলাই ‘মা শৃংগাৰ গৌৰী’ (অজুখানা আৰু তেহখানা নামেৰে জনাজাত) লগতে মছজিদৰ ভিতৰৰ পশ্চিমে থকা দেৱালত দেৱতাৰ মূৰ্তিৰ অস্তিত্ব দাবী কৰি দাখিল কৰা গোচৰত বাৰাণসী জিলা আদালতৰ ৰায় ঘোষণা নোহোৱা পর্যন্ত অপেক্ষা কৰা প্ৰয়োজন।
এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপী গোচৰত ‘কোৰ্ট কমিছনাৰ’ নিযুক্তি দিয়াৰ নিৰ্দেশৰ বিৰুদ্ধে ‘অঞ্জুমান ইণ্টেজামিয়া (জ্ঞানবাপী) মছজিদ কমিটীয়ে দাখিল কৰা আপিলৰ শুনানি অক্টোবৰৰ প্ৰথম সপ্তাহলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। সেই সময়ত মছজিদ চৌহদৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত দাবীৰো শুনানি হʼব।
উল্লেখ্য, বাৰাণসী ছেছন আদালতৰ ন্যায়াধীশ ৰবিকুমাৰ দিবাকৰে নিযুক্ত কৰা কমিটিয়ে মছজিদৰ ভিতৰত জৰীপ আৰু ভিডিঅ’গ্ৰাফীৰ নিৰ্দেশনাসহ পৰ্যবেক্ষণ দল গঠন কৰিছিল।
সেই কাম সম্পূৰ্ণ হোৱাৰ পিছত ২০ মে’ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বাৰাণসী জিলা আদালতে গোচৰটোৰ শুনানিৰ দায়িত্ব লাভ কৰে। পৰ্যবেক্ষণকাৰী দলটোৰ ভিডিঅ’গ্ৰাফী প্ৰতিবেদনত দাবী কৰা হৈছে যে মছজিদৰ অজু কৰা জলাশয়ত উদ্ধাৰ হোৱা শিৱলিংগ আকৃতিৰ গঠনটো প্ৰকৃততে এটা ফোৱাৰা।