যোৱা ১ জুলাইত উচ্চতম ন্যায়ালয়ে নূপুৰ শৰ্মাক ধমক দি কৈছিল, “এই মুহূৰ্তত দেশত অশান্তিৰ পৰিৱেশ কেৱল সেই মহিলাগৰাকীয়েহে সৃষ্টি কৰিছে।” এইবাৰ নূপুৰ শৰ্মাই ওলোটাই সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।
বিতৰ্কিত মন্তব্যৰ বাবে বিভিন্ন ৰাজ্যত দাখিল কৰা এফ আই আৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ নকৰিবলৈ সোমবাৰে নিলম্বিত বিজেপিৰ মুখপাত্ৰগৰাকীয়ে তেওঁৰ অধিবক্তাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত আবেদন কৰে।
টেলিভিছনত আলোচনাৰ সময়ত তেওঁ কৰা মন্তব্যৰ বাবেই দেশ-বিদেশত বিতৰ্ক আৰু প্ৰতিবাদ আৰম্ভ হৈছে। পশ্চিমবংগকে ধৰি বিভিন্ন ৰাজ্যত কেইবাখনো এফআইআৰ দাখিল কৰা হৈছে। আনকি উচ্চতম ন্যায়ালয়ে নূপুৰক ‘দেশত অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে’ বুলি ধমক দিছিল।
এনে অৱস্থাত নূপুৰে নিজ নিজ ৰাজ্যৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ নকৰাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ পৰা স্থগিতাদেশ বিচাৰিছিল। প্ৰসংগক্ৰমে বিতৰ্কিত মন্তব্যৰ গোচৰটোত পশ্চিমবংগকে ধৰি একাংশ ৰাজ্যৰ আৰক্ষীয়ে ইতিমধ্যে নূপুৰক চমন কৰিছে। অৱশ্যে তেওঁ উপস্থিত নাথাকে।
টিভি চেনেলটোৰ বিতৰ্ক অনুষ্ঠানটোত উক্ত মন্তব্যৰ বাবে ৰাজ্যৰ ‘ধৰ্মীয় আৱেগক আঘাত কৰা আৰু হিংসাত্মক ঘটনা’ৰ বাবে নূপুৰৰ বিৰুদ্ধে দাখিল কৰা অভিযোগসমূহ দিল্লীলৈ হস্তান্তৰ কৰাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। সেই গোচৰত ন্যায়াধীশ পাৰদিৱালা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ খণ্ড বিচাৰপীঠে নূপুৰক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰি কয় যে দেশত অশান্তিৰ বাবে কেৱল নূপুৰেই দায়ী।