ASSAM TIMES POST
ডিফু : যি সময়ত সাধাৰণ ৰাইজে নিজ সন্তান সহ উলহ- মালহেৰে পোহৰৰ উৎসৱ দ্বিপান্বিতা উদযাপন কৰিলে সেই সময়ত মাঞ্জা বজাৰ কমিটিৰ সৈতে মিলি মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাই অনাথ শিশু সকলক সৈতে উদযাপন কৰিলে দিপাৱলী ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱাকালি মাঞ্জা বাজাৰ কমিটি আৰু মাঞ্জা থানাই যৌথ ভাবে আয়োজন কৰা দিপাৱলী উদযাপন অনুষ্ঠানৰ জৰিয়তে ডিফু ডিলাজীৰ অনাথ আশ্ৰমত উপস্থিত হৈ অনাথ শিশু সকলৰ মাজত খাদ্য সামগ্ৰী আৰু অনান্য প্ৰয়োজনীয় সামগ্ৰী সমূহ বিতৰণ কৰে ৷ মাঞ্জা আৰক্ষী আৰু মাঞ্জা বাজাৰ কমিটিৰ এনে পদক্ষেপত সচেতন মহলে শলাগ লৈছে ৷













