ASSAM TIMES POST
ডিফুঃ সোমবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ললে ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত আৰু ছুম ৰংহাঙে ৷
মন্ত্ৰীদ্বয়ৰ লগত সংগ দিয়ে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মন্ত্ৰীদ্বয়ে ডিফুৰ বানবিধ্বস্ত এলেকা সমূহৰ লগতে আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি পৰিস্থিতি আৰু বানাক্ৰান্তৰ বুজ লয় ৷ উল্লেখযোগ্য যে, যোৱা কেইবাদিনধৰি পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ ঢল নামে আৰু ডিফু চহৰৰ লগতে পানবাৰী, ছাৰ্থেকলনি, শিববাৰী, ধৰমনালা হৰিলালবস্তি আদি অঞ্চল পানীয়ে বুৰাই পেলায় ৷ ফলত বান পানীৰ কথা তৰ্কিব নোৱাৰি বানাক্ৰান্ত সকলৰ বিস্তৰ ক্ষতি সাধন হয় ৷
এই খবৰ লাভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীদ্বয় ডিফুত উপস্থিত হৈ বানাক্ৰান্ত সকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ সৈতে আলোচনাত বহি বানাক্ৰান্ত সকললৈ সাহায্য আগবঢ়োৱা হব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীদ্বয়ে ৷ উল্লেখ যোগ্য যে, কাতিমহীয়া বলীয়া বানত এইবাৰ বহুতে নিজৰ প্ৰয়োজনীয় নথি-পত্ৰ আৰু টিভি, ফ্ৰিজ, লেপটপ আৰু বহুতো গুৰুত্হপূৰ্ণ সামগ্ৰী নষ্ট হৈ গৈছে বুলি জানিব পৰা গৈছে ৷