ASSAM TIMES POST
ডিফুঃ ভাৰত চৰকাৰৰ কল্যাণ মূলক আঁচনি আয়ুষ্মান ভাৰতৰ সফল ৰূপায়ণৰ বাবে আজি ডিফুত সাংসদ হৰেণছিং বে’, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ আৰু চিকিৎসক আৰু হিতাধিকাৰী সকলৰ মাজত এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় এই মত বিনিময় অনুষ্ঠান ৷ উক্ত মত-বিনিময় অনুষ্ঠানত ক্ৰমে, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, চিকিৎসা বিভাগৰ ইএম খনছিং ৰংপি, এমএচি, চিকিৎসক সকল আৰু হিতাধিকাৰী সকল উপস্থিত থাকে ৷
মত বিনিময় অনুষ্ঠানত আয়ুষ্মান ভাৰত আঁচনিয়ে দেশত কি দৰে দেশত জ্যেষ্ঠ, নবীন প্ৰবীণ আৰু শিশু সকলৰ উপকাৰ সাধিছে তাৰ ওপৰত বিস্তৃত আলোচনা হয় ৷ কাৰবি আংলঙৰ বিভিন্ন চিকিৎসালয় সমুহত চিকিৎসাকালীন সময়ত কেনেকৈ এই আঁচনিৰ জৰিয়তে সহায় কৰা হৈছিল তাৰ ওপৰত চিকিৎসক সকলে নিজৰ অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰে ৷
দীৰ্ঘ আলোচনাৰ অন্তত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত অহা ৩১ অক্টোবৰত দিনৰ ১১ বজাত পৰিষদৰ সন্মেলন কক্ষত চিকিৎসক সকলৰ সৈতে এক সভা অনুষ্ঠিত কৰা হব বুলি কয় ৷ স্বাস্থ্যসেৱা নিশ্ছিত কৰাৰ বাবে কৰা প্ৰচেষ্টা দৰিদ্ৰ, নিম্ন আৰু মধ্যবৃত্ত শ্ৰেণীৰ লোকৰ বাবে সুলভ মুল্যত দৰৱ পোৱা যায় সেই সন্দৰ্ভত সভাত আলোচনা কৰা হব বুলি জানিব পৰা গৈছে ৷