সোমবাৰে আস্থা ভোট আছিল মহাৰাষ্ট্র বিধানসভাত। এই নির্বাচনত নিজৰ সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিব লগা আছিল শিন্ডে শিবিৰে। আস্থা ভোটত মেজিক নম্বৰ পাৰ কৰে শিন্ডে শিবিৰে। জয়ৰ বাবে প্রয়োজন আছিল ১৪৪টা ভোট। শিন্ডে শিবিৰে লাভ কৰে ১৬৪ জন বিধায়কৰ ভোট।
অর্থাৎ চৰকাৰ গঠনৰ পিছত সংখ্যাগৰিষ্ঠতা প্রমাণৰ ভোটতো বিজয়ী হয় বিদ্রোহী শিন্ডে।আনহাতে, আস্থা ভোটৰ পূৰ্বেই নিজৰ পুৰণি পদ পুনৰ লাভ কৰে একনাথ শিন্ডেয়ে। শিৱসেনাৰ পৰিষদীয় নেতাৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে থাকৰে শিবিৰৰ অজয় চৌধুৰীক। তাৰ পৰিবর্তে উক্ত আসন দিয়া হৈছে একনাথ শিন্ডেক।