বৃহস্পতিবাৰে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী পদত শপত গ্ৰহণ কৰে একনাথ শিন্ডেয়ে। বুধবাৰে নিশা ইস্তফা দিয়ে প্রাক্তন মুখ্যমন্ত্রী উদ্ধৱ থাকৰেয়ে। তাৰ লগে লগেই পতন হৈছে মহাবিকাশ আঘাড়ি চৰকাৰৰ। আৰু তাৰ পাছতেই আয়কৰ বিভাগৰ জাননী গ’ল শাৰদ পাৱাৰৰ ওচৰলৈ।
নির্বাচনী শপতনামাত হিচাবত অমিলৰ কথা কৈ পাৱাৰক এই জাননী দিয়া হয়। আয়কৰ বিভাগৰ জাননীৰ কথা নিজে এটি টুইট কৰি জনাইছে পাৱাৰে।
তাত লিখিছে, তেওঁ এখন প্রেমপত্র পাইছে। টুইটাৰত এনচিপি প্রধানে লিখিছে, “২০০৪, ২০০৯, ২০১৪ আৰু ২০২০ চনত দাখিল কৰা নির্বাচনী শপতনামাৰ বিষয়ে আয়কৰ বিভাগত থকা এখন প্রেমপত্র পাইছোঁ মই ”
অন্য আৰু এটি টুইট কৰি জনাই যে তেওঁ ২০০৪ আৰু ২০০৯ চনত লোভসভা নির্বাচন খেলিছিল আৰু ২০১৪ চনতো ৰাজ্যসভাৰ নির্বাচন খেলে। লগতে জনায় যে সৌভাগ্যক্রমে তেওঁৰ লগত সকলো তথ্য আছে।
উল্লেখ্যযোগ্য যে মহাৰাষ্ট্রৰ ৰাজনৈতিক সংকটৰ মাজতেই শিৱসেনা নেতা সঞ্জয় ৰাউতক তলব কৰিছিল কেন্দ্রীয় তদন্তকাৰী সংস্থা ইডিয়ে। এইবাৰ চৰকাৰৰ পৰা আঁতৰাৰ লগে লগে পদক্ষেপ গ্ৰহণ কৰি এনচিপি প্রধানক জাননী দিলে আয়কৰ বিভাগে।