ASSAM TIMES POST
কাৰ্বি আংলঙ: পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত বৰপানী নৈৰ পাছত এইবাৰ কপিলী নদীয়ে সংহাৰী ৰূপ লৈ প্লাৱিত কৰিছে টুম্প্ৰেঙৰ বিস্তৃৰ্ণ অঞ্চল। বহাপী, চ’ট’বালী, মেতাং গাঁও, গৰৈমাৰী, লংছ’পী, হাতীমৰা, নাম তৰাডুবী, চিকামাৰী আদি অঞ্চল ইতিমধ্যে পানীৰ কৱলত৷ হাহাকাৰ বানাক্ৰান্তৰ৷
ঘৰ-বাৰী এৰি আশ্ৰয় লৈছে মথাউৰি, ওখ ঠাইত । লগতে পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙ-হোজাই সংযোগী পথৰ বিভিন্ন স্থানত পথৰ ওপৰেদি পানী বৈ যোৱাত জিলা দুখনৰ যোগাযোগ সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰিছে । আনহাতে বৰ্তমান বৰষুণ কমিছে যদিও কপিলী নৈৰ পানী এতিয়াও বাঢ়ি থকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ টুম্প্ৰেঙৰ দাঁতিকাষৰীয়া কপীলি পৰীয়া ৰাইজৰ মাজত ।












