ASSAM TIMES POST
বাগদাদ আৰু ৱাশ্বিংটনঃ ইছলামিক ষ্টেটৰ নেতা আবু বকৰ অল-বাগদাদীৰ মৃত্যু হৈছে। ছিৰিয়াত আমেৰিকাৰ সামৰিক অভিযানত কুখ্যাত সন্ত্ৰাসবাদীটোৰ মৃত্যু হোৱাৰ দাবী কৰিছে ছিৰিয়া, ইৰাক আৰু ইৰাণে। তিনিও দেওবাৰে স্পষ্টকৈ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউচত বহিয়েই এই অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি তুৰষ্কৰ সীমান্তত অৱস্থিত বৃশা নামৰ গাঁৱখনত শনিবাৰে মাজনিশা যুদ্ধ বিমান, হেলিকপ্তাৰৰে আবু বকৰৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল। আবু বকৰৰ মৃত্যু সম্পৰ্কত নিশ্চিতি প্ৰদান কৰিছে ইৰাক আৰু ইৰাণৰ নিৰাপত্তা বাহিনীৰ শীৰ্ষ সূত্ৰয়ো।












